comScore
  • ১৫ বছৰ পূৰ্বে আইভিএফ প্ৰক্ৰিয়াৰ সময়ত শুক্ৰাণু মিশ্ৰণক লৈ দিল্লীৰ চিকিৎসালক কোটি টকাৰ জৰিমনা

    ৰাষ্ট্ৰীয়
    ১৫ বছৰ পূৰ্বে আইভিএফ প্ৰক্ৰিয়াৰ সময়ত শুক্ৰাণু মিশ্ৰণক লৈ দিল্লীৰ চিকিৎসালক কোটি টকাৰ জৰিমনা
    ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত পোহৰলৈ আহিছে এক আশ্চৰ্যকৰ ঘটনা৷ স্বামীৰ পৰিৱৰ্তে আন পুৰুষৰ শুক্ৰাণু ব্যৱহাৰ কৰি এগৰাকী মহিলাক ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন (আইভিএফ) প্ৰক্ৰিয়া সম্পন্ন কৰা ১৫ বছৰীয়া এটা গোচৰত পশ্চিম দিল্লীৰ এখন চিকিৎসালয়ত ১.৫ কোটি টকা জৰিমনা বিহা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষৰ এই গাফিলতিৰ বিষয়ে জানিব পাৰি স্বামীয়ে ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপিছিল।

    অভিভাৱকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভাটিয়া গ্ল’বেল হাস্পতাল আৰু এণ্ড’চাৰ্জাৰী ইনষ্টিটিউট, ইয়াৰ অধ্যক্ষ আৰু সঞ্চালক সামূহিকভাৱে পৰিয়ালটোক এক কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে।তদুপৰি এনচিডিআৰচিৰ গ্ৰাহক সাহায্য পুঁজিত অতিৰিক্ত ২০ লাখ টকা জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে।

    এই গোচৰৰ সৈতে জড়িত চিকিৎসালয়খনৰ চিকিৎসককে ধৰি তিনিজন লোকক অভিযোগকাৰীক ১০ লাখকৈ টকা দিবলৈ নিৰ্দেশ দিয়া হৈছে।আদালতে এই ধন পৰিশোধ কৰিবলৈ ছয় সপ্তাহৰ সময় দিছে, আৰু কয় যে যদিহে অভিযোগকাৰীয়ে এই সময়সীমাৰ ভিতৰত ধন লাভ নকৰে তেন্তে জৰিমনা হিচাপে বাৰ্ষিক আঠ শতাংশ সুত আৰোপ কৰা হ’ব।


    ইয়াৰ উপৰিও আদালতে নিৰ্দেশ দিয়ে যে যমজ সন্তান দুটাৰ বাবে প্ৰায় ১.৫ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰা হ’ব, প্ৰতিটো শিশুৱে আধা ধনৰ অধিকাৰী হ’ব।২০০৮-২০০৯ চনত আইভিএফ প্ৰক্ৰিয়া কৰা মহিলাগৰাকীৰ ডিএনএ প্ৰফাইল পৰীক্ষা কৰা হয়। প্ৰতিবেদনত প্ৰকাশ পাইছে যে যমজ সন্তানৰ এজনৰ এবি+ ব্লাড গ্ৰুপ, আনহাতে পিতৃ-মাতৃৰ ব্লাড গ্ৰুপ বি পজিটিভ আৰু অ’ নেগেটিভ।প্ৰতিবেদনত প্ৰমাণিত হ’ল যে আইভিএফ ইন্ট্ৰাচাইট’প্লাজমিক শুক্ৰাণুৰ সংৰোপণ গাফিলতিৰে কৰা হৈছিল।

    এতিয়া এই ঘটনা পোহৰলৈ অহাৰ পাছত পিতৃয়ে চিকিৎসালয়খনৰ পৰা ২ কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে৷