• প্ৰৱঞ্চক মেহুল চ’কচীৰ বিৰুদ্ধে অনুপ্ৰেৱশৰ গোচৰ প্ৰত্যাহাৰ ড’মিনিকাৰ

    ৰাষ্ট্ৰীয়
    প্ৰৱঞ্চক মেহুল চ’কচীৰ বিৰুদ্ধে অনুপ্ৰেৱশৰ গোচৰ প্ৰত্যাহাৰ ড’মিনিকাৰ
    ডিজিটেল ডেস্কঃ ভাৰতত বেংকৰ পৰা বৃহত্‍ পৰিমাণৰ ঋণ গ্ৰহণ কৰি পৰিশোধ নকৰাকৈ বিদেশলৈ পলায়ন কৰা মেহুল চ’কচীৰ বিৰুদ্ধে অনুপ্ৰৱেশৰ গোচৰ প্ৰত্যাহাৰ কৰিছে ড’মিনিকা ৰিপাব্লিকানে। স্বাভাৱিকতে ভাৰতৰ পলাতক ব্যৱসায়ী মেহুল চ’কচীৰ বাবে এয়া এক বৃহৎ সকাহ। আচলতে এই সন্দৰ্ভত পঞ্জীয়ন কৰা গোচৰটো এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। 

    প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, মেহুল চ’কচীয়ে যোৱা বছৰ মে’ মাহত এন্টিগুৱাৰ পৰা নিৰুদ্দেশ হৈছিল, য’ত তেওঁ তেওঁৰ ভতিজা নীৰৱ মোদীৰ সৈতে ২০১৮ চনত পঞ্জাৱ নেচনেল বেংকক হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰি ভাৰত ত্যাগ কৰিছিল। 

    এণ্টিগুৱাৰ ৰয়েল আৰক্ষীৰ তহন্তত লাভ কৰা তথ্য অনুসৰী, চ’কচীয়ে ড’মিনিকাত অনুপ্ৰৱেশ কৰা নাছিল। মেহুল চ’কচীক ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ এজেণ্টে অপহৰণ কৰা বুলিও ওলাইছিল খবৰ। 

    উল্লেখ্য যে, বিগত বৰ্ষৰ ২৬ মে’ত এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল মেহুল চ’কচীক। কিন্তু শেহতীয়াকৈ ড’মিনিকা ৰিপাব্লিকানে গোচৰ প্ৰত্যাহাৰ কৰাৰ পাছত পলাতক ভাৰতীয় প্ৰৱঞ্চকজন স্বদেশলৈ ওভতাৰ প্ৰক্ৰিয়া আৰু অধিক জটিল হৈ পৰিল। ড’মিনিকাৰ দণ্ডাধীশৰ আদালতত দেশখনৰ পাব্লিক প্ৰচিকিউটৰ চেৰপা ডেলৰিপেলে মেহুল চ’কচীৰ বিৰুদ্ধে পূৰ্বে উত্থাপন কৰা অনুপ্ৰেৱশৰ গোচৰ প্ৰত্যাহাৰ কৰিছে।