• খাবলৈ নোপোৱাকৈ থাকি চৰম অপুষ্টিত ভোগা দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃৰ কৰুণ মৃত্যু! ফ্লেটত উদ্ধাৰ শুকাই খীনাই যোৱা মৃতদেহ

    ৰাষ্ট্ৰীয়
    খাবলৈ নোপোৱাকৈ থাকি চৰম অপুষ্টিত ভোগা দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃৰ কৰুণ মৃত্যু!  ফ্লেটত উদ্ধাৰ শুকাই খীনাই যোৱা মৃতদেহ
    ডিজিটেল ডেস্কঃ গোৱাৰ এটা ফ্লেটত উদ্ধাৰ হৈছে দুই  উচ্চ শিক্ষিত ভাতৃৰ মৃতদেহ। অনুমান কৰা অনুসৰি দুই ভাতৃয়ে  দীৰ্ঘদিন ধৰি কোনো আহাৰ খাবলৈ পোৱা নাছিল। নিবনুৱা দুই ভাতৃৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। গোৱাৰ মাৰগাঁৱৰ এটা এপাৰ্টমেণ্টত দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে বহু নতুন কথা পোহৰলৈ আহিছে।  মৃত দুই ভাতৃৰ এজন  অভিযন্তা আৰু এজন বাণিজ্য স্নাতক। 

    মৰণোত্তৰ পৰীক্ষাই সূচাইছে যে পুষ্টিহীনতাৰ বাবেই তেওঁলোকৰ মৃত্যু হ'ব পাৰে। তেওঁলোকে এটা মছজিদৰ কাষৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। আৰক্ষীয়ে দুৱাৰ  ভাঙি  দুয়োজন ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিছে। তেওঁলোকৰ এজনৰ বয়স ২৯ বছৰ আৰু আনজনৰ বয়স ২৭ বছৰ। আনহাতে তেওঁলোকৰ মাকক আন এটা কোঠাত অচেতন অৱস্থাত পোৱা গৈছে। তেওঁৰ বয়স ৫০  বছৰ। খাবলৈ নোপোৱাৰ ফলতে দুই ভাতৃৰ শৰীৰ অতি ক্ষীণ হৈ পৰিছিল। অচেতন অৱস্থাত উদ্আধাৰ কৰা মাকক  স্থানীয় চিকিৎসালয় এখনত  ভৰ্তি কৰোৱা হৈছে। 

    দক্ষিণ গোৱাৰ আৰক্ষী অধীক্ষক সুনীতা সাৱন্তে প্ৰকাশ কৰা মতে  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰাথমিকভাৱে "অত্যধিক পুষ্টিহীনতা"ৰ ফলতে তেওঁলোকৰ  মৃত্যু হোৱাৰ ইংগিত দিয়া হৈছে।  মৃতকৰ এজন খুৰাকে প্ৰকাশ  কৰা মতে দুই ভাতৃয়ে বহুদিন ধৰি কোনো কাম পোৱা নাছিল। সেয়ে অভাৱে তেওঁলোকক হেঁচা মাৰি ধৰিছিল। নিবনুৱা হৈ থকাৰ বাবেই  তেওঁলোকে হয়তো বহুদিন খাবলৈ পোৱা নাছিল।  তেওঁলোক আন মানুহৰো সহায় বিচাৰিবলৈ টান পাইছিল বুলি খুৰাকে কয়। আৰক্ষীয়ে  প্ৰকাশ কৰা মতে দুই ভাতৃৰ মাতৃৰ মানসিক স্বাস্থ্যৰ সমস্যা আছে। তেওঁ  ভাল  হৈ নুঠালৈকে দুই ভাতৃৰ বিষয়ত  একো ক'ব  পৰা নহ'ব বুলিও আৰক্ষীয়ে কয়।