ডিজিটেল ডেস্ক: জীৱন আৰু মৃত্যু প্ৰকৃতিৰ নিয়ম। এই সংসাৰত যি আহিছে তেওঁ গুচি যোৱাটো নিশ্চিত। মৃত্যু এনেকুৱা এটা তিক্ত সত্য, যাৰ পৰা কোনোৱেই বাচি যোৱা নাই, সেয়া দুখীয়া বা আৰ্তজনেই হওক বা ডাঙৰ চেলিব্ৰিটী হওক।
চাওঁতে চাওঁতে আকৌ এটা বছৰে বিদায় লোৱাৰ সময় আহিল। ভাৰতবৰ্ষৰ ২০২২ চনত বহু বিখ্যাত লোকৰ মৃত্যু হৈছিল। ইয়াৰে বহুতেই ডাঙৰ ৰাজনীতিবিদ আছিল, আনহাতে কিছুমান বলীউড, ক্ৰীড়া, সাহিত্য, সাংবাদিকতা, বিজ্ঞান আদিৰ ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি আছিল। এয়া ভাৰতৰ একাংশ বিখ্যাত লোকৰ তালিকা, যিসকলে ২০২২ চনত এই পৃথিৱীৰ পৰা বিদায় লৈছিল।
১) পণ্ডিত বিৰজু মহাৰাজ (বিখ্যাত কথক নৃত্যশিল্পী) – ২০২২ চনৰ ১৭ জানুৱাৰীত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে (বয়স ৮৪ বছৰ)
২) লতা মংগেশকাৰ (বিখ্যাত প্লেবেক গায়িকা) – ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত ক’ভিডৰ বাবে মৃত্যু (বয়স ৯২ বছৰ)
৩) বাপ্পী লাহিড়ী - (বলীউডৰ চলচ্চিত্ৰ সংগীতজ্ঞ) ক’ভিড সম্পৰ্কীয় সমস্যাৰ বাবে ১৬ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে মৃত্যু হয়। (বয়স ৬৯ বছৰ)
৪) অভিজিৎ সেন (ভাৰতৰ বিখ্যাত অৰ্থনীতিবিদ) – ২০২২ চনৰ ২৯ আগষ্টত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে (বয়স ৭২ বছৰ)
৫) শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতী (ভাৰতীয় হিন্দু সন্ত) – বাৰ্ধক্যৰ কাৰণে ২০২২ চনৰ ১১ ছেপ্টেম্বৰত মৃত্যুবৰণ কৰে (বয়স ৯৯ বছৰ)
৬) ৰাজু শ্ৰীবাস্তৱ (চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা) – ২০২২ চনৰ ২১ ছেপ্টেম্বৰত হাৰ্ট এটেকৰ বাবে মৃত্যুবৰণ কৰে (বয়স ৫৮ বছৰ)
৭) কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে.কে (ভাৰতীয় প্লেবেক গায়ক) – ২০২২ চনৰ ৩১ মে’ত হাৰ্ট এটেকৰ বাবে মৃত্যু হয়। (বয়স ৫৩ বছৰ)
৮) শুভদীপ সিং সিধু ওৰফে সিদ্ধু মুছৱালা (পাঞ্জাবী সংগীত আৰু পাঞ্জাবী চিনেমাৰ সৈতে জড়িত ভাৰতীয় গায়ক, ৰেপাৰ, অভিনেতা আৰু ৰাজনীতিবিদ।) – হত্যাৰ বাবে ২০২২ চনৰ ২৯ মে'ত মৃত্যু হয়। (বয়স ৩০ বছৰ।)
৯) মুলায়ম সিং যাদৱ (উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) – অসুস্থতাৰ বাবে ২০২২ চনৰ ১০ অক্টোবৰত মৃত্যু হয়।(বয়স ৮৩ বছৰ)।
১০) বিক্ৰম গোখলে (বলীউড অভিনেতা) – অসুস্থতাৰ বাবে ২০২২ চনৰ ২৬ নৱেম্বৰত মৃত্যুবৰণ কৰে (বয়স ৭৭ বছৰ)।
১১) চাইৰাছ মিষ্ট্ৰী (ভাৰতৰ প্ৰখ্যাত ব্যৱসায়ী) – ২০২২ চনৰ ০৪ ছেপ্টেম্বৰত গাড়ী দুৰ্ঘটনাৰ বাবে মৃত্যু হয়(বয়স ৫৪ বছৰ)।
Leave A Comment