ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন সঞ্চালক প্ৰধান ওম প্ৰকাশক হত্যা । বেংগালুৰুৰ কে এইচ এছ আৰ লেআউটতস্থিত বাসগৃগত ওম প্ৰকাশৰ মৃতদেহ তেজেৰ লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হয়।
ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বাসগৃহত চুৰীৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰা হয় প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। কিন্তু কোনে হত্যা কৰিলে প্ৰাক্তন DGP গৰাকীক।
জানিব পৰা মতে এই হত্যাকাণ্ড সংঘটিত কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পত্নীয়ে। তেওঁৰ দেহত স্পষ্ট হৈ আছে বহু আঘাতৰ চিন । ২০১৫ চনৰ পৰা ২০১৭ চনলৈ কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈ আছিল ওম প্ৰকাশ।
হত্যাকাৰী পত্নী পল্লৱীক ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে কিছুদিন পূৰ্বে স্বামী-স্ত্ৰীৰ মাজত ব্যক্তিগত বিষয়ক লৈ বিবাদৰ সৃষ্টি হৈছিল। তাৰেই পৰিণতিত এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment