• মহাভক্তি ! ৰাম লালাক ৫ কোটি টকাৰ ৰামচৰিতমানস আগবঢ়ালে প্ৰাক্তন আইপিএছ বিষয়াই

    ৰাষ্ট্ৰীয়
    মহাভক্তি ! ৰাম লালাক ৫ কোটি টকাৰ ৰামচৰিতমানস  আগবঢ়ালে প্ৰাক্তন আইপিএছ বিষয়াই
    ডিজিটেল ডেস্কঃ  ৰাম লালাক ৫ কোটি টকাৰ ৰামচৰিতমানস উপহাৰ দি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া। এই ৰামচৰিতমানস সোণ, ৰূপ আৰু তামেৰে নিৰ্মাণ কৰা হৈছে। এই বহুমূলীয়া উপহাৰ মধ্য প্ৰদেশৰ প্ৰাক্তন আইপিএছ বিষয়া সুব্ৰহ্মণ্যম লক্ষ্মীনাৰায়ণে আগবঢ়াইছে । তেওঁৰ পত্নী সৰস্বতীয়ে  এনে এখন দামী ৰামচৰিতমানস ৰামলালাক আগবঢ়োৱাৰ পৰিকল্পনা কৰিছিল। 

    ৫২২ পৃষ্ঠাৰ ৰামচৰিতমানস  সোণ-ৰূপেৰে কেনেদৰে  সৃষ্টি কৰা হৈছিল? জনা গৈছে  যে এই সোণৰ  ৰামচৰিতমানস  নিৰ্মাণৰ বাবে আঠ মাহ ধৰি গৱেষণা কৰা হৈছিল। কিতাপখনৰ পৃষ্ঠাবোৰ মুখ্যতঃ তামেৰে নিৰ্মিত। ইয়াত সোণ আৰু ৰূপ মিহলি কৰি আখৰৰ সৃষ্টি কৰা হৈছে। ৰামচৰিতমানসৰ  পৃষ্ঠাবোৰ ১ মিলিমিটাৰ ডাঠ। মুঠ ১০,৯০২  শ্লোক  ৫২২ পৃষ্ঠাত লিখা হৈছে। তুলসীদাসৰ দ্বাৰা লিখা এই বিখ্যাত কিতাপখন অৱধি ভাষাত লিখা হৈছে। কিতাপখন এতিয়া অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰখা হ'ব।

    অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াজন ভগৱান বিষ্ণুৰ ভক্ত। তেওঁ তেওঁৰ  সকলো সঞ্চয়ৰে ৰাম লালাৰ বাবে এই  বিশেষ উপহাৰ আগবঢ়াইছে। কিতাপখন চেন্নাইৰ এটা গহনা নিৰ্মাণ কোম্পানীৰ দ্বাৰা নিৰ্মাণ  কৰা হৈছে। তাৰ পৰাই কিতাপখন অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে। এবাৰত  ২০-২৫  পৃষ্ঠাকৈ  একেলগে প্ৰেৰণ কৰা হৈছে। তাৰ পিছত, কিতাপখন অযোধ্যাত বান্ধোৱা  হৈছে।  কিতাপখন এক বিশেষ ষ্টেণ্ডত ৰখা হ'ব। তাত ৰামচৰিতমানস মানুহে  থিয় হৈ পঢ়িব  পাৰিব। 

    প্ৰাক্তন আইপিএছ বিষয়া আৰু তেওঁৰ পত্নীয়ে চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা মন্দিৰ কৰ্তৃপক্ষক এই উপহাৰ  প্ৰদান কৰে । ৰাম মন্দিৰলৈ অহা ভক্তসকলেও এই ৰামচৰিতমানস  চাব পাৰিব।