• বদোদৰাত সফলতাৰে অৱতৰণ কৰিলে ভাৰতীয় বায়ু সেনাৰ প্ৰথম খন চি-২৯৫ পৰিবহন বিমান

    ৰাষ্ট্ৰীয়
    বদোদৰাত সফলতাৰে অৱতৰণ  কৰিলে ভাৰতীয় বায়ু সেনাৰ প্ৰথম খন  চি-২৯৫ পৰিবহন বিমান
    ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ  চি-২৯৫ পৰিবহন বিমানে বুধবাৰে গুজৰাটৰ বদোদৰাত অৱতৰণ কৰে। বিমানখন গ্ৰুপ কেপ্টেইন পি এছ নেগীয়ে উৰুৱাই আনিছিল আৰু বাহৰেইনৰ পৰা উৰা মাৰি আজি ভাৰতত  অৱতৰণ কৰে। বিমানখনে ১৫ ছেপ্টেম্বৰত চেভিলৰ পৰা স্পেইনৰ হৈ  উৰা মাৰিছিল আৰু আজি বদোদৰা পোৱাৰ আগতে মাল্টা, ইজিপ্ত আৰু বাহৰেইনত তিনিটা স্থানত জিৰণিৰ বাবে অৱতৰণ কৰিছিল।

     বিমানৰ অন্তৰ্ভুক্তিয়ে বায়ুলেনাৰ  কৌশলগত  ক্ষমতা উন্নত কৰিব।ইয়াৰোপৰি  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে অলপতে প্ৰায় ৪৫,০০০ কোটি টকাৰে  কেইবাখনো এছইউ-৩০  এমকেআই বিমান ক্ৰয়ত অনুমোদন জনাইছিল৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) সৈতে  সম্পৰ্কিত সঁজুলিৰ সৈতে ১২ খন এছইউ-৩০ এমকেআই বিমান ক্ৰয়ৰ বাবে অনুমোদন জনোৱা হৈছে৷ 

    প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, সুৰক্ষা, গতিশীলতা, আক্ৰমণ প্ৰতিহত কৰা আৰু যান্ত্ৰিক ক্ষমতা বৃদ্ধি কৰাৰ বাবে ডিএচিয়ে লাইট আৰ্মৰ্ড মাল্টিপাৰপজ ভেহিকেল (এলএএমভি) আৰু ইণ্টিগ্ৰেটেড চাৰ্ভিলেঞ্চ এণ্ড টাৰ্গেটিং চিষ্টেম (আইএছএটি-এছ) ক্ৰয়ৰ বাবে এই অনুমোদন প্ৰদান কৰে।ডিএচিয়ে ভাৰতীয় নৌসেনাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ জৰীপ জাহাজ ক্ৰয়ৰ বাবেও অনুমোদন জনাইছে৷ এই জাহাজে  হাইড্ৰ'গ্ৰাফিক অভিযান সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় কৰিব ৷