• লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আলতাফ লল্লীক হত্যা ভাৰতীয় সেনাৰ

    ৰাষ্ট্ৰীয়
    লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আলতাফ লল্লীক হত্যা ভাৰতীয় সেনাৰ
    ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বান্দিপোৰাত সেনাই বৃহৎ সফলতা লাভ কৰিছে। 

    ভাৰতীয় সেনাই এনকাউণ্টাৰ কৰি LeT অৰ্থাৎ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আলতাফ লল্লীক হত্যা কৰিছে। বিশেষ কথাটো হ’ল পেহেলগাম আক্ৰমণৰ দায়িত্ব লস্কৰৰ লগত জড়িত দ্য ৰেজিষ্টেন্স ফৰ্চেও লৈছিল। 

    ২২ এপ্ৰিলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতীয় সেনাই উপত্যকাটোত অভিযান তীব্ৰতৰ কৰি তুলিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল সেনাই। 

    ইয়াৰ পিছত জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত যৌথ অনুসন্ধান অভিযান চলোৱা হয়। স্থান গম পোৱাৰ পিছত সন্ত্ৰাসবাদীৰ সৈতে দীৰ্ঘসময় ধৰি সংঘৰ্ষ হয়।

    এই সংঘৰ্ষতে ভাৰতীয় সেনাই হত্যা কৰিলে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আলতাফ লল্লীক। 

    উল্লেখ্য যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এয়া চতুৰ্থ সংঘৰ্ষ। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে উধমপুৰৰ দুডু বসন্তগড়ত নিৰাপত্তা বাহিনীয়ে একাংশ সন্ত্ৰাসবাদীক ঘেৰাও কৰিছিল। এই এনকাউণ্টাৰত শ্বহীদ হ’ল সেনাবাহিনীৰ এজন হাবিলদাৰ।