• ব্ৰহ্ম মুহূৰ্তত উঠা, মাত্ৰ চাৰে চাৰি ঘণ্টা শোৱা এজন ছাত্ৰৰ টাইম টেবুল ভাইৰেল

    ৰাষ্ট্ৰীয়
    ব্ৰহ্ম মুহূৰ্তত উঠা, মাত্ৰ চাৰে চাৰি ঘণ্টা শোৱা এজন ছাত্ৰৰ টাইম টেবুল ভাইৰেল
    ডিজিটেল ডেস্কঃ প্ৰস্তুতি নে তপস্যা? ব্ৰহ্ম মুহূৰ্তত উঠা, মাত্ৰ চাৰে চাৰি ঘণ্টা শোৱা এজন ছাত্ৰৰ টাইম টেবুল ভাইৰেল হৈ পৰিছে। জেইইৰ বাবে প্ৰস্তুতি চলোৱা এজন ছাত্ৰৰ টাইম টেবুল ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত শুই থকাতকৈ অধ্যয়নত অধিক সময় দিয়া হৈছে। 

    দেশৰ ২৩খন আই আই টি প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক, বিজ্ঞান আৰু স্থাপত্যৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ JEE, JEE Advanced ক্ৰেক কৰাটো সহজ নহয়। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ তপস্যা কৰিব লাগিব। ই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা যাৰ দুটা পৰ্যায় আছে – জে ই ই মেইন আৰু জে ই ই এডভান্সড। এই পৰীক্ষা দেশৰ অন্যতম কঠিন পৰীক্ষা। এই দুটা পৰীক্ষাৰ কাট অফ ক্লিয়াৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে সংগ্ৰাম কৰে। ইয়াৰ প্ৰমাণ দিছে ছাত্ৰজনে।

    JEE পৰীক্ষা ক্লিয়াৰ কৰিবলৈ কিমান কষ্টৰ প্ৰয়োজন হয় টুইটাৰত ভাইৰেল হোৱা JEE পৰীক্ষাৰ্থীৰ টাইম টেবুলৰ পৰাই অনুমান কৰিব পাৰি। মিষ্টাৰ আৰ চি নামৰ এজন ব্যক্তিয়ে জে ই ইৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰজনৰ টাইম টেবুলৰ ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ লগতে ইউজাৰে কেপচনত কয় যে এয়া তেওঁৰ ঘনিষ্ঠ বন্ধুৰ টাইমটেবল যিয়ে জেইইৰ বাবে প্ৰস্তুতি চলাইছে।
    छवि
    এই সময়সূচীত শুই থকা, খোৱা-বোৱা আৰু পঢ়া-শুনাৰ নিৰ্ধাৰিত সময় লিখা হৈছে। আচৰিত কথাটো হ’ল ছাত্ৰজনে ৰাতি ১২ বজাত শুই ৰাতিপুৱা ৪:৩০ বজাৰ ভিতৰত সাৰ পাই পঢ়া-শুনা কৰে। ৰাতি মাত্ৰ ৪ ঘণ্টা টোপনি লয়। ৰাতিপুৱা ৪:৩০ বজাত সাৰ পাই ছাত্ৰজনে প্ৰথমে ৰিভিজন কৰে আৰু তাৰ পিছত পঢ়াত মনোনিৱেশ কৰে। মাজতে পাঁচৰ পৰা দহ মিনিটৰ টোপনিৰ সময়ো নিৰ্ধাৰণ কৰা হৈছে, যাতে মনটোৱে কিছু শিথিলতা পায়। টাইম টেবুল চালেই গম পোৱা যায় যে পৰীক্ষাৰ্থীজনে সম্পূৰ্ণ পঢ়া-শুনাত মনোনিৱেশ কৰিছে আৰু তেওঁ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে জে ই ই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে।

    নিজকে প্ৰেৰণা দিবলৈ ছাত্ৰজনে সূচীৰ তলত এটা উক্তিও লিখিলে ''আপুনি এই দিনটো আৰু কেতিয়াও নাপাব, গতিকে ইয়াক উপযোগী কৰি তোলক।'' সময়সূচী দেখি বহু নেটিজনে মন্তব্য কৰিছে যে এই সময়সূচী যথেষ্ট ব্যস্ততাপূৰ্ণ। একে সময়তে বহু পৰীক্ষাৰ্থীয়ে এই সময়সূচীক প্ৰশংসা কৰাৰ লগতে যোগাসন আৰু ধ্যান-ধাৰণাৰ বাবেও সময় উলিয়াব লাগে বুলিও পৰামৰ্শ আগবঢ়ায়।