• প্ৰতি কিলোগ্ৰামত এহাজাৰ টকা মূল্যৰ পাচলি, এই পাচলি সংগ্ৰহ কৰিবলৈ যাওঁতে মৃত্যু ঘটিছে ২৯ জনকৈ লোকৰ!

    ৰাষ্ট্ৰীয়
    প্ৰতি কিলোগ্ৰামত এহাজাৰ টকা মূল্যৰ পাচলি, এই পাচলি সংগ্ৰহ কৰিবলৈ যাওঁতে  মৃত্যু ঘটিছে ২৯ জনকৈ লোকৰ!
    ডিজিটেল ডেস্কঃপাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে এতিয়া বহুতকে জ্বলা-কলা খুৱাইছে৷ এনে সময়তে এবিধ বিশেষ পাচলিৰ কথাও চৰ্চা হৈ আহিছে৷ এই পাচলি বিধৰ এক কিলোগ্ৰামৰ দাম এক হাজাৰ টকা। আপুনি কেতিয়াবা এনে পাচলিৰ কথা  শুনিছে নে? অবিশ্বাস্য দামৰ এই  পাচলি বিধৰ নাম কাতৰুৱা। 

    অতি  মূল্যৱান এই পাচলিবিধ উত্তৰ প্ৰদেশৰ পিলভিট আৰু লখিমপুৰৰ অৰণ্যত পোৱা যায়।কিন্তু পাচলি বিধৰ  ইমান দাম কিয়? জানিব পৰা মতে এই পাচলিবিধত প্ৰ'টিনৰ মাত্ৰা ইমান বেছি যে দাম যিমানেই উচ্চ নহওঁক কিয় পাচলি বিধৰ  চাহিদা কোনো সময়তে হ্ৰাস পোৱা নাই। 

    এই পাচলিবোৰ মুখ্যতঃ বৰ্ষাকালত উপলব্ধ হয়। পাচলিবিধ পিলভিট আৰু লখিমপুৰৰ পিলভিট ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত পোৱা যায়। এই পাচলিবোৰ মূলতঃ চেগুন গছৰ তলত মাটিৰ তলত জন্মে। প্ৰতি বছৰে এই পাচলিৰ মূল্য আগৰ বছৰৰ তুলনাত বৃদ্ধি হৈ আহিছে। দূৰ-দূৰণিৰ মানুহ আহি পিলভিট আৰু লখিমপুৰৰ পাচলিৰ মাণ্ডিৰ পৰা কাতৰুৱা কিনি লৈ যায়। 

    যদিও পাচলি বিধৰ গুণ অনেক, তথাপি এই পাচলি সংগ্ৰহত নিষেধাজ্ঞা আছে। যিহেতু এই পাচলিবিধ  বাঘে বিচৰণ কৰি ফুৰা স্থানতহে   পোৱা যায় সেয়ে বন্য পৰিৱেশ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাৰ কৰি কাতৰুৱা সংগ্ৰহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু নিষেধাজ্ঞাৰ  পাছতো স্থানীয় ৰাইজে বিপদ মূৰপাতি লৈ  অৰণ্যত প্ৰৱেশ কৰি এই পাচলিবিধ সংগ্ৰহ কৰি আহিছে। 

    পাচলি বিধ  হৰিণাৰো প্ৰিয় খাদ্য। ১৯৯১ চনত কেইবাজনো লোকে পিলভিটৰ অৰণ্যত পোৱা এই পাচলি সংগ্ৰহ কৰিবলৈ গৈ  অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল ২৯ জন লোক । তেওঁলোকৰ মৃতদেহ বোৰ অৰণ্যতে সমাধিস্থ কৰা হৈছিল। পিছত গম পোৱা গৈছিল যে উগ্ৰপন্থীসকলে অৰণ্যত তেওঁলোকৰ  শিবিৰ স্থাপন কৰিছিল। উগ্ৰপন্থীয়েই ২৯ জনকৈ লোকক হত্যা কৰি পুতি থৈছিল৷
    sv388sv388sabung ayam onlinesv388sabung ayam onlinelive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88situs slot777slot gacor malam ini