• নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰ বিৰোধীৰ বাবে বৃহৎ আঘাত; নিৰ্বাচনী ইচ্ছ্যু কৰাত সফল হ’বনে ‘ইণ্ডিয়া’ মিত্ৰজোঁট?

    ৰাষ্ট্ৰীয়
    নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰ বিৰোধীৰ বাবে বৃহৎ আঘাত; নিৰ্বাচনী ইচ্ছ্যু কৰাত সফল হ’বনে ‘ইণ্ডিয়া’ মিত্ৰজোঁট?
    ডিজিটেল ডেস্ক: পদূলিমুখত লোকসভা নিৰ্বাচন৷ মাজত নাই এমাহো সময়৷ এনেসময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক  গ্ৰেপ্তাৰ কৰিলে ইডিয়ে। আগন্তুক কিছুমাহৰ বাবে কেজৰিৱাল কাৰাৰুদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰ আপৰ বাবে হৈ পৰিছে এটা বৃহৎ আঘাত। কাৰণ দলটোৰ লগতে বিৰোধী মৰ্চা ইণ্ডিয়াৰো এগৰাকী প্ৰধান তাৰকা প্ৰচাৰক আছিল কেজৰিৱাল। কিন্তু এই ৰাজনৈতিক আঘাতকো শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে আপ আৰু বিৰোধী মৰ্চাই! কেজৰিৱালৰ গ্ৰেপ্তাৰক এটা প্ৰধান ইচ্ছ্যু হিচাপে জনতাৰ মাজলৈ নিলে সেয়া আপৰ বাবে সুফলদায়ক হ'ব পাৰে। কেজৰিৱাল বিজেপি চৰকাৰৰ ৰাজনৈতিক শত্ৰুতাৰ বলি হ’ল বুলি আপে আৰু ইণ্ডিয়াই দেশবাসীক পতিয়ন নিয়াব পাৰিব লাগিব। যদি এয়া কৰাত বিৰোধী মৰ্চা সফল হয় বহুকেইখন আসনত লাভৱান হ’ব পাৰিব মৰ্চাটো। কেজৰিৱালৰ নামত সহানুভূতিৰ ভোট পাব পাৰিব আপ আৰু ইণ্ডিয়াই।

    কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ইচ্ছুটোক বিজেপিৰ বিৰুদ্ধে ঢৌ সৃষ্টি কৰাতো ব্যবহাৰ কৰিব পাৰে ইণ্ডিয়াই। অৱশ্যে এই ইচ্ছ্যুত একত্ৰ হৈ কাম কৰিব লাগিব ইণ্ডিয়াৰ প্ৰতিটো দলে। ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেজৰিৱালৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। 

    এনে পদক্ষেপে বিৰোধী মৰ্চাক কেজৰিৱালৰ ইচ্ছ্যুটোক লৈ আগবাঢ়ি যোৱাত নিশ্চিতভাৱে সহায় কৰিব। লগতে বিৰোধী মৰ্চাক পূৰ্বৰ তুলনাত অধিক ঐক্যবদ্ধ কৰিব। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ইচ্ছ্যুটোক বিৰোধী মৰ্চাই কেনেদৰে ব্যৱহাৰ কৰে সেয়া আগন্তুক এটা সপ্তাহত স্পষ্ট হৈ পৰিব।