ডিজিটেল ডেস্কঃ ঔৰংজেব আৰু টিপু চুলতানৰ ওপৰত বিতৰ্কিত ছ’চিয়েল মিডিয়া পোষ্টক লৈ আজি একাংশ হিন্দু সংগঠনে মহাৰাষ্ট্ৰৰ কলহাপুৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।বন্ধৰ আহ্বান জনাই সংগঠনসমূহে অভিযোগ কৰে যে এই পষ্টসমূহ ইছলামিক শাসক দুজনক মহিমামণ্ডিত কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে।
কলহাপুৰৰ ছাত্রপতি শিৱাজী মহাৰাজ চ’কত থকা একাংশ দোকান আৰু বাহন লুটপাত কৰি সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত প্রতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰে৷প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে। চহৰখনৰ আন প্ৰান্তৰ পৰাও দুটা গোটৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয় যে তেওঁ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগত আছে। লগতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।গৃহ বিভাগৰ দায়িত্বও থকা উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।তদুপৰি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ চহৰখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Leave A Comment