• ভয়ংকৰভাৱে হ্ৰাস পাইছে মালদ্বীপত পপৰ্যটকৰ সংখ্যা! ভাৰতৰ বিভিন্ন চহৰত কৰিব ৰোড-শ্ব’

    ৰাষ্ট্ৰীয়
    ভয়ংকৰভাৱে হ্ৰাস পাইছে মালদ্বীপত পপৰ্যটকৰ সংখ্যা! ভাৰতৰ বিভিন্ন চহৰত কৰিব ৰোড-শ্ব’
    ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে সম্পৰ্কৰ টান হোৱাৰ বাবে মালদ্বীপত পৰ্যটকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছিল। এনে পৰিস্থিতিত ভাৰতীয় দৰ্শকক ঘূৰাই অনাৰ বাবে তেওঁলোকে পুনৰ নতুন দিল্লীৰ আশ্ৰয় লয়। সেই দেশৰ এটা আগশাৰীৰ পৰ্যটন গোটে ভাৰতৰ বিভিন্ন চহৰত ৰোড-শ্ব’ কৰাৰ সিদ্ধান্ত লৈছে।

    ভাৰতীয় পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ লগে লগে ‘মালদ্বীপ এছ’চিয়েশ্যন অৱ ট্ৰেভেল এজেণ্টছ এণ্ড ট্যুৰ অপাৰেটৰছ’ বা ‘মাটাটো’ই মালদ্বীপৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে এক বৈঠকত মিলিত হয়। এইবাৰ পৰ্যটন গোটটোৱে মালদ্বীপৰ সৈতে ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ দেশৰ ডাঙৰ ডাঙৰ চহৰত ৰোড শ্ব’ অনুষ্ঠিত কৰিবলৈ ওলাইছে।

    মালদ্বীপৰ পৰ্যটন বিভাগৰ পৰিসংখ্যা অনুসৰি চলিত বৰ্ষৰ ১০ এপ্ৰিল পৰ্যন্ত সেই দেশলৈ ৬ লাখ ৬৩ হাজাৰ ২২৯ গৰাকী পৰ্যটক আহিছে। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত চীন শীৰ্ষত আছে, যাৰ সৈতে মালদ্বীপৰ বৰ্তমানৰ চৰকাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে যাৰ সৈতে ই বাৰে বাৰে আলোচনাত নামি আহিছে। ইয়াৰ পিছতে ক্ৰমে ব্ৰিটেইন, ৰাছিয়া, ইটালী, জাৰ্মানী আৰু ভাৰত।