ডিজিটেল ডেস্কঃ দেশত এতিয়া হত্যাৰ ঘটনা বৃদ্ধি পাইছে। হত্যাৰ পিছত মৃতদেহ টুকুৰাটুকৰকৈ কাটি পেলোৱাৰ ঘটনাও বৃদ্ধি পাইছে। শেহতীয়াকৈ দাদৰা আৰু নগৰ হাভেলীৰ এজন ৫৩ বছৰীয়া লোকে তেওঁৰ পত্নী আৰু ১৫ বছৰীয়া কন্যাক হত্যা কৰি কন্যাৰ মৃতদেহ টুকুৰা টুকুৰকৈ কটাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে।
আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত লোকজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে,লোকজনে তেওঁৰ কন্যাৰ মৃতদেহটো ১০ টুকুৰাকৈ কাটি এটা খালত পেলাই দিছিল। তেওঁৰ পত্নীৰ মৃতদেহটো এটা বস্তাৰ ভিতৰত পোৱা গৈছে।আৰক্ষীয়ে অভিযুক্তজনক যোগেশ মেহতা বুলি চিনাক্ত কৰিছে। মেহতা নগৰ হাভেলীৰ চিলভাছাৰ ডকমাৰ্ডি অঞ্চলৰ বাসিন্দা। সূতাৰ ব্যৱসায়কৰা মেহতাই তেওঁৰ পত্নী ৰেশ্মা (৪৩) আৰু ১৮ আৰু ১৫ বছৰ বয়সৰ দুগৰাকী কন্যাৰ সৈতে আছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি মেহতাই কিবা কথাকলৈ হোৱা তৰ্ক-বিতৰ্কৰ মাজতে তেওঁৰ পত্নী আৰু কন্যাক হত্যা কৰে। অভিযোগ অনুসৰি তেওঁ চুৰি আৰু হাতুৰী ব্যৱহাৰ কৰি তেওঁৰ কন্যাৰ শৰীৰটো ১০ টুকুৰাকৈ কাটিছিল আৰু দেহৰ অংশবোৰ খাল এটাকত পেলাই দিছিল। ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অনুসন্ধান চলাই লোকজনৰ কন্যাৰ শৰীৰৰ কিছু অংশ বিচাৰি পায়।
স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে মেহতাৰ ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে তেওঁলোকে আৰক্ষীক অভিযোগ দিছিল। ইয়াৰ পিছতে ওলাই পৰে হত্যাকাণ্ডটোৰ কথা। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) আৰু ২০১ ধাৰাৰ অধীনত (অপৰাধৰ প্ৰমাণ নোহোৱা কৰা) গোচৰ ৰুজু কৰিছে আৰু মেহতাক সোধা-পোছা আৰম্ভ কৰিছে। । জেৰাৰ সময়তমেহতাই হত্যাৰ কথা স্বীকাৰ কৰিছে। ,
চিলভাচা আৰক্ষীৰ মতে, মেহতাই তেওঁৰ পত্নীক আক্ৰমণ কৰিছিল আৰু হাতুৰিৰে আঘাত কৰিছিল। তেওঁৰ কনিষ্ঠ কন্যাই আক্ৰমণটো দেখিছিল আৰু তাইৰ মাকক বচাবলৈ গৈছিল। কিন্তু কন্যাকো মেহতাই আক্ৰমণ কৰি হত্যা কৰিছিল। সেই নিশাই মেহতাই কন্যাৰ মৃতদেহটো ১০ টুকুৰাকৈ কাটি পেলাইছিল।
Leave A Comment