• সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণে বৃদ্ধি কৰিব লোকসভাৰ আসনৰ সংখ্যা, অসমতো লোকসভাৰ আসন ১৪ৰ পৰা ১৯ খন হোৱাৰ সম্ভাৱনা

    ৰাষ্ট্ৰীয়
    সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণে বৃদ্ধি কৰিব লোকসভাৰ আসনৰ সংখ্যা, অসমতো লোকসভাৰ আসন ১৪ৰ পৰা ১৯ খন হোৱাৰ সম্ভাৱনা
    ডিজিটেল ডেস্কঃ  সংসদৰ অধিৱেশনত গৃহীত হোৱাৰ পিছত মহিলা সংৰক্ষণ বিধেয়ক খন আইনত পৰিণত হ’লেও  ইয়াক এতিয়াই কাৰ্যকৰী কৰা নহ'ব। প্ৰকৃততে লোকপিয়ল আৰু সমমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ অবিহনে মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰা সম্ভৱ নহয়। এক কথাত ক’বলৈ গ’লে দেশত মহিলা সংৰক্ষণ সম্পৰ্কীয় আইনখন কাৰ্যকৰী হ’বলৈ লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ হ’বই লাগিব । এই দুয়োটা প্ৰক্ৰিয়াই  অতি জটিল প্ৰক্ৰিয়া, সেয়ে  মহিলা সংৰক্ষণ আইন কাৰ্যকৰী হ’বলৈ বহু বছৰ লগাটো স্বাভাৱিক কথা। 

    গুৰুত্বপূৰ্ণ কথাটো হ’ল দেশত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব। ২০২৬ চনত ভাৰতৰ আনুমানিক জনসংখ্যা হ'ব ১ বিলিয়ন ৪২ কোটি ১৯  লাখ ৪৮  হাজাৰ । সেই অনুপাতত  সীমা নিৰ্ধাৰণৰ পিছত লোকসভাৰ  আসনৰ সংখ্যা ৭৫৩ লৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। যদি আমি বৰ্তমানৰ ৫৪৩  খন আসনৰ বাবে ২০২৬ চনৰ আনুমানিক জনসংখ্যালৈ লক্ষ্য কৰোঁ  তেন্তে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত। এনডিটিভিৰ এক প্ৰতিবেদন  অনুসৰি বৰ্তমান  ২৬  লাখ ভোটৰ বিপৰীতে  এখন লোকসভা আসন আছে,  ২০০১  চনত সেই হাৰ আছিল  ১৮ লাখ। ২০০১  চনৰ পৰা ২০২৬  চনলৈ, জনসংখ্যাত প্ৰায় ৩৮.৫  শতাংশ পৰিৱৰ্তন হ'ব। যদি এই পৰিৱৰ্তন আসনৰ সৈতে  যোগ দিয়া হয়, তেন্তে মুঠ আসনৰ সংখ্যাৰ সৈতে  ২১০  খন আসন বৃদ্ধি পাব। 

    অৰ্থাৎ যদি আপুনি ২০২৬  চনত লোকসভাৰ বৰ্তমানৰ আসমনৰ সংখ্যা  ৫৪৩ৰ সৈতে ২১০  যোগ কৰে, তেন্তে ই ৭৫৩  খন আসনলৈ বৃদ্ধি পাব। উল্লেখ্য ১৯৭৭ চনৰ পৰা লোকসভাৰ আসনত কোনো পৰিৱৰ্তন হোৱা নাই।এনড্টিভিৰ প্ৰতিবেদন খনত কোৱা হৈছে যে সমষ্টিৰ  সীমা নিৰ্ধাৰণৰ পিছত দক্ষিণৰ ৰাজ্যবোৰত লোকসভা আসনৰ সংখ্যা আটাইতকৈ কম বৃদ্ধি হ'ব। কৰ্ণাটকত বৰ্তমানৰ লোকসভা আসনৰ সংখ্যা হৈছে ২৮, যি ২০২৬ চনত ৩৬ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ কৰ্ণাটকত ৮ খন আসন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 

    কেৰালাত বৰ্তমান ২০  খন লোকসভা আসন আছে, যি ২০২৬  চনত সীমা নিৰ্ধাৰণৰ পিছত ১৯  খনলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ,  দক্ষিণৰ এই ৰাজ্যখনত এখন আসন হ্ৰাস পাব। তেলেংগানাত বৰ্তমান ১৭  খন লোকসভা আসন আছে, যি ২০২৬  চনত সীমানিৰ্ধাৰণৰ পিছত ২০ খনলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে, অৰ্থাৎ ৩ খন আসন বৃদ্ধি হ'ব। অন্ধ্ৰ প্ৰদেশত বৰ্তমান ২৫ খন লোকসভা আসন আছে। সীমা নিৰ্ধাৰণৰ পিছত অন্দ্ৰত  লোকসভা আসনৰ সংখ্যা ২৮  হ'ব বুলি অনুমান কৰা হৈছে। তামিলনাডুত  বৰ্তমান ৩৯  খন লোকসভা আসন আছে, যি সীমা নিৰ্ধাৰণৰ পিছত ৪১  খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 

    উত্তৰ ভাৰতৰ ৰাজ্যসমূহত সীমানিৰ্ধাৰণৰ পিছত এনে পৰিস্থিতি হ'ব পাৰে-

    উত্তৰ ভাৰতৰ ৰাজ্যসমূহত সীমানিৰ্ধাৰণৰ পিছত  লোকসভাৰ বহু  আসন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি এনডিটিভিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰকৃততে, এই ৰাজ্যবোৰৰ জনসংখ্যাত যোৱা বছৰবোৰত দক্ষিণৰ ৰাজ্যবোৰতকৈ অধিক বৃদ্ধি  হৈছে। উত্তৰ প্ৰদেশত বৰ্তমান ৮০ খন লোকসভা আসন আছে। অনুমান কৰা হৈছে যে সীমা নিৰ্ধাৰণৰ পিছত ৰাজ্যখনৰ লোকসভা আসনৰ সংখ্যা ১২৮ খনলৈ  ( ৪৮ খন অতিৰিক্ত) বৃদ্ধি হ'ব। বিহাৰত লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৪০ৰ পৰা ৭০লৈ বৃদ্ধি পাব পাৰে। বৰ্তমান মধ্য প্ৰদেশত ২৯  খন লোকসভাৰ আসন আছে, যি ২০২৬ চনত ৪৭ খনলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে অৰ্থাৎ ১৮  খন আসন বৃদ্ধি হ'ব। 

    মহাৰাষ্ট্ৰতো, সীমানিৰ্ধাৰণৰ পিছত ২০ খন আসন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ইয়াত ৪৮ খন লোকসভাৰ আসন আছে, যি ২০২৬ চনত ৬৮  খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৰাজস্থানৰ বৰ্তমানৰ লোকসভাৰ আসন হৈছে ২৫ খন, যি সীমানিৰ্ধাৰণৰ পিছত ৪৪ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ ১৯ খন আসন নতুনকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। একে সময়তে, গুজৰাটত ২৬ খন লোকসভা আসন আছে, সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পিছত, সেই সংখ্যাত ১৩  খন নতুন আসন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অসমত বৰ্তমান ১৪ খন লোকসভাৰ আসন আছে।  যি ২০২৬ চনত ১৯  খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অসমতো লোকসভাৰ পাঁচ খন আসন বৃদ্ধিৰ সম্ভাৱনা আছে বুলি এনডিটিভিৰ প্ৰতিবেদন খনত অনুমাণ কৰা হৈছে। 


    বিজেপিৰ সভাপতি জে পি নাড্ডাই কৈছে  যে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলক সংৰক্ষণ প্ৰদান কৰিব বিচৰা সংবিধান সংশোধনী বিধেয়কে ২০২৯ চনত লোকসভাত ৩৩ শতাংশ মহিলাৰ উপস্থিতি নিশ্চিত কৰিব বুলি কৈছিল।  এবাৰ প্ৰণয়ন হোৱাৰ পিছত বৰ্তমানৰ ৫৪৩  জনীয়া লোকসভাত মহিলা সদস্যৰ সংখ্যা বৰ্তমানৰ ৮২ৰ জনৰ পৰা ১৮১ লৈ বৃদ্ধি হ'ব। আইন খন কাৰ্যকৰী হোৱাৰ পিছত   বিধান সভাৰ নিৰ্বাচনতো ৩৩ শতাংশ আসন মহিলাৰ বাবে  সংৰক্ষিত কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে  লোকসভাত কৈছে  যে আগন্তুক লোকসভা নিৰ্বাচনৰ ঠিক পিছতে লোকপিয়ল আৰু সমষ্টিৰ  সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া  সম্পূৰ্ণ কৰা হ'ব আৰু লোকসভা তথা ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলক এক-তৃতীয়াংশ সংৰক্ষণ প্ৰদান কৰা আইনখন অতি সোনকালেই কাৰ্যকৰী কৰা হ’ব। 

    সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কি?

    সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জড়িয়তে সমষ্টি এটাৰ  সীমা  নিৰ্ধাৰণ কৰা হয়। এইক্ষেত্ৰত সীমা নিৰ্ধাৰণ আয়োগৰ সিদ্ধান্তই  চূড়ান্ত সিদ্ধান্ত। সীমা নিৰ্ধাৰণ আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নোৱাৰি। এই আয়োগ ৰাষ্ট্ৰপতিয়ে গঠন কৰি দিয়ে । আয়োগে নিৰ্বাচন আয়োগৰ সৈতে লগলাগি  কাম কৰে। উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আয়োগৰ সদস্য হ'ব পাৰে। মুখ্য নিৰ্বাচন আয়ুক্ত,  ৰাজ্যিক নিৰ্বাচন আয়ুক্তও আয়োগৰ সদস্য। এতিয়ালৈকে দেশত সীমানিৰ্ধাৰণ আয়োগ ৪ বাৰ গঠন কৰা হৈছে। সীমা নিৰ্ধাৰণ আয়োগ ১৯৫২, ১৯৬৩, ১৯৭৩, ২০০২ চনত গঠন কৰা হৈছিল। ১৯৮১, ১৯৯১ চনৰ লোকপিয়লৰ পিছত সমষ্টিৰ পুনৰ সীমা নিৰ্ধাৰণ কৰা হোৱা নাই । ২০০১  চনৰ লোকপিয়লৰ পিছত, সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা  হৈছিল,  কিন্তু লোকসভাৰ  আসন বৃদ্ধি হোৱা নাছিল। ১৯৭৭ চনৰ পৰাই লোকসভাৰ আসন বৃদ্ধি হোৱা নাই।