• দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান: দুই পাইলটৰ মৃত্যু

    ৰাষ্ট্ৰীয়
    দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান: দুই পাইলটৰ মৃত্যু

    ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লৈছে ভাৰতীয় বায়ু সেনাৰ দুগৰাকী পাইলটে। বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ৰাজস্থানৰ বাৰ্মেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ বাৰ্মেৰ ভীমদা গাঁৱৰ পৰা কিছু দূৰত্বত সিঁচৰতি হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

    দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মিগ-২১ বিমানখন বায়তু অঞ্চলৰ ওপৰেৰে এটা প্ৰতিৰক্ষা অভিযানত জড়িত হৈ আছিল। বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ প্ৰকাশৰ লগে লগে বাৰ্মেৰৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বায়ু সেনাৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়।

    প্ৰথমতে বিমানখনৰ ভিতৰত থকা বায়ু সেনাৰ পাইলট দুগৰাকীৰ সন্ধান পোৱা নাছিল যদিও কিছু সময় পিছতে দুয়োগৰাকীৰে মৃতদেহ উদ্ধাৰ হয়। দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ভাৰতীয় বায়ু সেনাই এক বিবৃতি যোগে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ সন্ধানৰ বাবে তদন্তৰ নিৰ্দেশ দিছে। লগতে নিহত দুয়োগৰাকী পাইলটৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে ভাৰতীয় বায়ু সেনাই।

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বায়ু সেনাৰ পাইলট দুগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। দুয়োগৰাকী মৃত পাইলটে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা সেৱা কেতিয়াও পাহৰিব নোৱাৰি বুলি উল্লেখ কৰে সিঙে।

    আনহাতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাত শোক প্ৰকাশ কৰিছে। এক টুইটযোগে গেহলটে কয় যে বাৰ্মাৰত বায়ু সেনাৰ মিগ-২১ প্ৰশিক্ষক বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বায়ু সেনাৰ দুজন পাইলটে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছে বুলি জানি তেওঁ গভীৰ দুখ পাইছে। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই তেওঁ এই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ শক্তিশালী হৈ থাকিবলৈ প্ৰাৰ্থনা জনায়।