• নিৰ্বাচনক ক’লা ধনৰ পৰা মুক্ত কৰিবলৈ নিৰ্বাচনী বণ্ড অনা হৈছিল; ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

    ৰাষ্ট্ৰীয়
    নিৰ্বাচনক ক’লা ধনৰ পৰা মুক্ত কৰিবলৈ নিৰ্বাচনী বণ্ড অনা হৈছিল; ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
    ডিজিটেল ডেস্ক: নিৰ্বাচনী বণ্ডক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত প্ৰথমবাৰলৈ বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ উচ্চতম ন্যায়ালয়ে বাতিল কৰিলেও নিৰ্বাচনী বণ্ডৰ সপক্ষে স্থিতি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে নিৰ্বাচনী বণ্ড বাতিল কৰাৰ বাবে আগত সময়ত সকলোৱে অনুশোচনা কৰিব লাগিব৷ নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহলৈ অহা ধনৰ উৎস সহজেই জনা যায় বুলি দাবী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

    প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনত খৰচ কৰিব লাগিব। বিজেপিত থকাসকলেও কৰিব লাগিব৷ ভাৰতত নির্বাচনত ক’লা ধনৰ ব্যৱহাৰ সন্দর্ভত দীৰ্ঘদিনধৰি চর্চা চলি আহিছে৷ মই মাত্ৰ বিচাৰিছিলোঁ যে আমি এনে এটা ব্যৱস্থা আনিম য’ত নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ হৈ যাব৷ সেইবাবে আমি এটা উপায় উলিয়ালোঁ। মই কোৱা নাই যে এয়াই একমাত্ৰ উপায়, কিন্তু আমি এটা পথ দেখুৱালোঁ।

    মোদীয়ে লগতে দাবী কৰে, নিৰ্বাচনী বণ্ড প্ৰৱৰ্তনৰ বাবেই কোনটো দলক কোনে, কেতিয়া আৰু কিমান টকা দিছে সেই তথ্য সহজেই সমুখলৈ আহিছে৷ সেইকাৰণেই মই কওঁ যদি বিৰোধীয়ে সৎভাৱে চিন্তা কৰে, তেন্তে নিৰ্বাচনী বণ্ড বাতিলৰ বাবে এদিন অনুশোচনা কৰিব লাগিব।

    বিৰোধীৰ অভিযোগসমূহক অসত্য বুলি দাবী কৰি নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক দান দিয়া ৩ হাজাৰ সংগঠনৰ ভিতৰত মাত্ৰ ২৬ সংগঠনৰহে ইডিৰ তদন্ত চলি আছে। এই ২৬টাৰ ভিতৰত ১৬টা কোম্পানীয়ে ইডি অভিযান আৰম্ভ হোৱাৰ পিছত নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। এই ১৬টা সংগঠনে আগবঢ়োৱা ধনৰ ভিতৰত মাত্ৰ ৩৭ শতাংশহে চান্দা হিচাপে বিজেপিৰ তহবিললৈ গৈছিল। বাকী ৬৩ শতাংশ অনুদান বিৰোধী দলসমূহে লাভ কৰে। ফলত নৰেন্দ্ৰ মোদীয়েও দাবী কৰে যে কেন্দ্ৰীয় সংস্থাটোৰ ভয়ত সংগঠনসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে বুলি বিৰোধীয়ে কৰা অভিযোগৰ কোনো ভিত্তি নাই।