• বিজ্ঞাপনত গুৰুত্ব কেন্দ্ৰৰ; পাঁচ বছৰত ব্যয় কৰিলে ৰাজকোষৰ ৩,৩০৫ কোটি টকা

    ৰাষ্ট্ৰীয়
    বিজ্ঞাপনত গুৰুত্ব কেন্দ্ৰৰ; পাঁচ বছৰত ব্যয় কৰিলে ৰাজকোষৰ ৩,৩০৫ কোটি টকা
    ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে  ২০১৭ ৰ পৰা ২০২২ চনৰ ভিতৰত  ছপা মাধ্যমক ১,৭৩৬ কোটি টকা আৰু ইলেক্ট্ৰনিক মাধ্যমক ১,৫৬৯ কোটি টকাৰ বিজ্ঞাপন প্ৰদান কৰিছে। অৰ্থাৎ এই সময়ছোৱাত ভাৰত চৰকাৰে বিজ্ঞাপনৰ বাবে ব্যয় কৰিছে মুঠ ৩,৩০৫ কোটি টকা৷ ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে৷

    ২০২২-২৩ বিত্তীয় বৰ্ষত ১২ জুলাইলৈকে প্ৰিণ্ট মিডিয়াক ১৯.২৬ কোটি টকা আৰু ইলেক্ট্ৰনিক মাধ্যমক ১৩.৬ কোটি টকাৰ বিজ্ঞাপন দিয়া হৈছে। আজি ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদ জি চি চন্দ্ৰশেখৰে প্ৰশ্নটো সুধিছিল যে ২০১৭ চনৰ পৰা আজিলৈকে চৰকাৰৰ দ্বাৰা মুদ্ৰণ আৰু বৈদ্যুতিক বিজ্ঞাপনৰ ওপৰত ব্যয়ৰ বছৰ অনুসৰি আৰু মন্ত্ৰণালয় অনুসৰি পৰিমাণ কিমান?

    চৰকাৰৰ হৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে উত্তৰ দিছিল। তেওঁৰ উত্তৰ অনুসৰি, ২০১৭ৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰিণ্ট মিডিয়াত ১৭৩৬ কোটি টকা আৰু ইলেক্ট্ৰনিক মাধ্যমত ১৫৬৯ কোটি টকা ব্যয় কৰা হৈছিল। এই সমূহ বিজ্ঞাপন কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ জৰিয়তে প্ৰদান কৰা হৈছিল। 

    ২০১৭-১৮ বৰ্ষত প্ৰিণ্ট মিডিয়াক ৬৩৬.৩৬ কোটি টকা আৰু ইলেক্ট্ৰনিক মিডিয়াক ৪৬৮.৯২ কোটি টকাৰ বিজ্ঞাপন প্ৰদান কৰা হৈছে৷ ২০১৮-১৯ বৰ্ষত প্ৰিণ্ট মিডিয়াক ৪২৯.৫৫ কোটি টকা আৰু ইলেক্ট্ৰনিক মিডিয়ালৈ ৫১৪.২৮ কোটি টকা বিজ্ঞাপনৰ বাবে প্ৰদান কৰা হৈছে৷ একেদৰে, ২০১৯-২০ বৰ্ষত প্ৰিণ্ট মিডিয়াক ২৯৫.০৫ কোটি টকা আৰু ইলেক্ট্ৰনিক মিডিয়াক ৩১৭.১১ কোটি টকা প্ৰদান কৰা হৈছে৷ ২০২০-২১ বৰ্ষত প্ৰিণ্ট মিডিয়ালৈ ১৯৭.৪৯ কোটি আৰু ইলেক্ট্ৰনিক মিডিয়াক ১৬৭.৮৬ কোটি টকা প্ৰদান কৰা হৈছে।

    ২০২২-২৩ বিত্তীয় বৰ্ষত ১২ জুলাইলৈকে চৰকাৰে প্ৰিণ্ট মিডিয়াৰ বিজ্ঞাপনত ১৯.২৬ কোটি টকা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ বিজ্ঞাপনত ১৩.৬ কোটি টকা ব্যয় কৰিছে৷