• জোমেটো,ছুইগী নহয় সন্তানক মাতৃয়ে ৰন্ধা খাদ্যৰ সোৱাদ দিয়ক: কেৰালা উচ্চ ন্যায়ালয়

    ৰাষ্ট্ৰীয়
    জোমেটো,ছুইগী নহয় সন্তানক মাতৃয়ে ৰন্ধা খাদ্যৰ সোৱাদ দিয়ক: কেৰালা উচ্চ ন্যায়ালয়
    ডিজিটেল ডেস্কঃ এয়া একবিংশ শতিকা৷প্ৰযুক্তিৰ দৌৰত আগবাঢ়ি গৈছে পৃথিৱী৷বৰ্তমান সময়ত বহুতেই অনলাইন ফুড ডেলিভাৰী এপসমূহৰ দ্বাৰা খাদ্য খোৱাটো পছন্দ কৰে৷কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে৷ মঙলবাৰে কেৰালা উচ্চ ন্যায়ালয়ে পৰ্ণগ্ৰাফী সম্পৰ্কীয় অপৰাধজনিত গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত শিশুসকলৰ বাবে ঘৰতে ৰন্ধা খাদ্যৰ ব্যৱস্থা কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লাইভ ল’ই প্ৰকাশ কৰা অনুসৰি আদালতে অভিভাৱকসকলক ছুইগী আৰু জোমেটোৰ জৰিয়তে ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ দিয়াৰ পৰা বিৰত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

    উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে ম’বাইলত পৰ্ণ চোৱাৰ বাবে পথৰ দাঁতিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ বাতিল কৰি ৰায় দিয়ে যে ব্যক্তিগতভাৱে পৰ্ণগ্ৰাফী চোৱা, ভাৰত দণ্ডবিধিৰ ২৯২ ধাৰাৰ অধীনত শ্বেয়াৰ নকৰাকৈ বা আনৰ আগত প্ৰদৰ্শন নকৰাকৈ পৰ্ণগ্ৰাফী চোৱাটো অপৰাধ বুলি গণ্য কৰা নহ’ব৷

    ৰায়দানত ন্যায়াধীশ পি ভি কুঢ়িকৃষ্ণনে পিতৃ-মাতৃসকলক পৰামৰ্শ দিয়ে যে শিশুসকলক ছুইগী আৰু জোমেট’ৰ দৰে মোবাইল এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ দিয়াৰ পৰিৱৰ্তে বাহিৰত খেলা-ধূলা কৰিবলৈ আৰু মাকে ৰন্ধা সুস্বাদু খাদ্য খাবলৈ বুজনি দিব লাগে।

    ইফালে ন্যায়াধীশগৰাকীয়ে উপযুক্ত তত্বাৱধান অবিহনে নাবালক সন্তানক মোবাইল ফোন দিয়াৰ ফলত হোৱা সম্ভাৱ্য বিপদৰ সন্দৰ্ভত অভিভাৱকসকলৰ বাবে সতৰ্কবাণীৰো অৱতাৰণা কৰে৷তদুপৰি আদালতে ইণ্টাৰনেট সংযোগ থকা মোবাইল ফোনযোগে পৰ্ণগ্ৰাফিক ভিডিঅ’কে ধৰি এনেধৰণৰ বিষয় কিমান সহজে লাভ কৰিব পাৰি তাৰ ওপৰতো আলোকপাত কৰে।