• এটা পথ দুৰ্ঘটনাই কাল হ’ল; অকালতে পৃথিৱী এৰিলে পংকজ ত্ৰিপাঠীৰ নিকটাত্মীয়ই

    ৰাষ্ট্ৰীয়
    এটা পথ দুৰ্ঘটনাই কাল হ’ল; অকালতে পৃথিৱী এৰিলে পংকজ ত্ৰিপাঠীৰ নিকটাত্মীয়ই
    ডিজিটেল ডেস্ক: শনিবাৰে এক পথ দুৰ্ঘটনাত বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ ভনীজোঁৱায়েক ৰাকেশ তিৱাৰীৰ মৃত্যু হয়৷ আনহাতে তেওঁৰ ভগ্নী সবিতা তিৱাৰী গুৰুতৰভাৱে আহত হয়৷ শনিবাৰে ঝাৰখণ্ডৰ ধানবাদত এই দুৰ্ঘটনা সংঘটিত হয়৷
    প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, দিল্লী-কলকাতা ৰাষ্ট্ৰীয় ঘাইপথ-২ৰ নিৰ্চা বজাৰত আবেলি প্ৰায় ৪.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল যেতিয়া দম্পতীহালে যাত্ৰা কৰি থকা গাড়ীখনে এটা পথ বিভাজকক খুন্দা মাৰিছিল। তিৱাৰী দম্পতী বিহাৰৰ গোপালগঞ্জ জিলাৰ পৰা পশ্চিম বংগলৈ গৈ আছিল।

    দুয়োকে ততাতৈয়াকৈ ধানবাদৰ শ্বাহিদ নিৰ্মল মাহটো চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য'ত চিকিৎসকসকলে ৰাকেশ তিৱাৰীক "ব্ৰু ডেড" বুলি ঘোষণা কৰিছিল।

    ইফালে, ভৰি ভাঙি যোৱা পংকজ ত্ৰিপাঠীৰ ভগ্নী বিপদমুক্ত, এছএনএমএমচিএইচৰ জৰুৰীকালীন এইচঅ'ডি ডাঃ দীনেশ কুমাৰ গিন্দৌৰিয়াই সংবাদ সংস্থা পিটিআইক জনায়।

    আৰক্ষীয়ে কৈছিল যে ৰাকেশ তিৱাৰীয়ে নিজেই গাড়ীখন চলাই আছিল যেতিয়া গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ছিল আৰু এটা ৰাস্তাৰ বিভাজকক খুন্দা মাৰিছিল। দুৰ্ঘটনাটোৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।