ডিজিটেল ডেস্কঃউত্তৰ প্ৰদেশৰ পিলিভিটৰ আতকোনা গাঁৱত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে।অৰণ্যৰ পৰা ওলাই অহা এটা বাঘে গাওঁবাসীক সন্ত্ৰাসিত কৰি তোলে। বাঘটোৱে ছঘণ্টা ধৰি এজন কৃষকৰ ঘৰৰ দেৱালত থিয় হৈ থাকে। বাঘটো চাবলৈ যথেষ্ট ভিৰ হয় । পিলিভিটত যোৱা কিছুদিন ধৰি বাঘৰ সন্ত্ৰাস বৃদ্ধি পাইছে। কালিনগৰৰ বহু গাঁৱত বাঘৰ ভয়ত মানুহে দিনতে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে। শেহতীয়াকৈ বাঘে কৃষকৰ ঘৰৰ দেৱালত উঠি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
যোৱা নিশা প্ৰায় ২:০০ বজাত কৃষক হিন্দু সিঙৰ ঘৰৰ চৌহদত এটা বাঘে পিয়াপি দি ফুৰিছিল। বাঘটোৱে ঘৰৰ দেৱালত উঠি চৌদিশে লক্ষ্য কৰিছিল। বাঘটো দেখি কুকুৰবোৰে ভুকিছিল।ফলত মানুহে সাৰ পাইছিল আৰু ঘৰৰ চাৰিওফালে টৰ্চৰ মাৰি চাইছিল। মানুহে কৃশক জনৰ ঘৰৰ দেৱালত বাঘটো দেখি হতবাক হৈছিল।
খবৰ পোৱাৰ পিছত বন বিভাগৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়।লবনবিভাগৰ দলটোৱেও কোনোপধ্যে বাঘটোক দেৱালৰ পৰা নমাই আনিব পৰা নাছিল। অৱশেষত যেনিবা বাঘটোক পুনৰ অৰণ্যলৈ খেদি পঠিয়াব পৰা হয়।
Leave A Comment