• কন্যা মালতীক কোলাত লৈ অযোধ্যাত উপস্থিত প্ৰিয়ংকা চোপ্ৰা, কৰিলে ৰাম লালা দৰ্শন

    ৰাষ্ট্ৰীয়
    কন্যা মালতীক  কোলাত লৈ অযোধ্যাত উপস্থিত প্ৰিয়ংকা চোপ্ৰা, কৰিলে ৰাম লালা দৰ্শন
    ডিজিটেল ডেস্কঃ আন দহগৰাকী সাধাৰণ মহিলাৰ দৰেই কোলাত কন্যা সন্তানক লৈ অযোধ্যাত উপস্থিত হ’ল প্ৰিয়ংকা চোপ্ৰা। বিদেশৰ পৰা অহাৰ পিছতে প্ৰিয়ংকাই  অযোধ্যালৈ বুলি যাত্ৰা কৰে। তেওঁৰ লগত তেওঁৰ  স্বামী নিক জোনাছ আৰু জীয়ৰী মালতী মেৰী জোনাছো আছিল। প্ৰিয়ংকাই অযোধ্যাৰ মাটিত ভৰি থৈয়েই ৰাম মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে।প্ৰিয়ংকা চোপ্ৰাই শুকুৰবাৰে  তেওঁৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ সৈতে মুম্বাইত উপস্থিত হৈছিল।  

    তিনিওজনকে  মঙলবাৰে অযোধ্যাত দেখা গৈছিল। শাৰী পিন্ধি প্ৰিয়ংকাই তেওঁৰ কন্যাক  কোলাত লৈ অযোধ্যাৰ মাটিত ভৰি দিছিল। নিকে  কুৰ্তা পিন্ধিছিল।  পূৰ্বে  প্ৰিয়ংকাই কৈছিল যে তেওঁ এইবাৰ  মুঠ ১০  দিনৰ বাবে ভাৰতত থাকিব। প্ৰিয়ংকাৰ হাতত এতিয়া কেইবাটাও প্ৰকল্পও আছে। প্ৰিয়ংকাই অৱশ্যে  নতুন ছবিৰ বাবে নহয়, কিছুমান ব্ৰেণ্ডৰ বাবে কাম কৰিবলৈহে দেশলৈ আহিছে। 

    জানিব পৰা মতে  অভিনেত্ৰীগৰাকীয়ে প্ৰকল্পৰ  কামৰ বাবেই  কেইবাজনো পৰিচালকৰ সৈতে  বৈঠকত মিলিত হ’ব। তেওঁ সঞ্জয় লীলা ভাঞ্চালীকো  লগ কৰিব। প্ৰিয়ংকা চোপ্ৰা তেওঁৰ স্বামী নিকৰ সৈতে ফাৰহান আখটাৰৰ ঘৰলৈও গৈছে। ইয়াৰ পিছতে তেওঁক ৰাম মন্দিৰত দেখা যায়। 

    অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাটৰ পৰা আৰম্ভ কৰি বিকি কৌশল, কেটৰিনা কাঈফ আৰু আয়ুষ্মান খুৰানাই জানুৱাৰী মাহতে ৰাম মন্দিৰ উদ্বোধনৰ দিনা অযোধ্যা ভ্ৰমণ কৰিছিল। তেওঁলোকে ৰাম লালাৰ জীৱন প্ৰতিষ্ঠাৰ সাক্ষী হৈছে। প্ৰিয়ংকায়ো ৰাম লালা  দৰ্শন  কৰিব বিচাৰিছিল। গতিকে এইবাৰ তেওঁ দেশলৈ উভতি আহিয়েই অযোধ্যালৈ গৈছে আৰু মনৰ  ইচ্ছা পূৰণ কৰিছে।