• নিজৰ জন্মদিনত কেক খাই মৃত্যু হোৱা কিশোৰীৰ মৃত্যুৰ ৰহস্য ফাদিল! কেকটোত আছিল অত্যধিক চিন্থেটিক ছুইটনাৰ

    ৰাষ্ট্ৰীয়
    নিজৰ জন্মদিনত কেক খাই মৃত্যু হোৱা কিশোৰীৰ মৃত্যুৰ ৰহস্য ফাদিল!  কেকটোত আছিল অত্যধিক  চিন্থেটিক ছুইটনাৰ
    ডিজিটেল ডেস্কঃ  নিজৰ জন্মদিনৰ দিনাই কেক খাই মৃত্যুমুখত পৰিছিল এগৰাকী ১০ বছৰীয়া কিশোৰী। এই ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।  পঞ্জাৱৰ পাটিয়ালাত ঘটিছিল এই কৰুণ ঘটনা।


    জন্মদিনৰ কেক খাই ১০ বছৰীয়া মানৱী মৃত্যুমুখত পৰিছিল।  এই গোচৰৰ জোৰদাৰ তদন্তত নামি পৰিছিল আৰক্ষী। তদন্তত ধৰা পৰিছে যে কেকটোত চিন্থেটিক ছুইটনাৰ ব্যৱহাৰ কৰা হৈছিল যাৰ ফলত  এই কৰুণ ঘটনাটো সংঘটিত হৈছিল।

    বিষয়াসকলে জনোৱা মতে, কেকটোত অত্যধিক পৰিমাণৰ চিন্থেটিক ছুইটনাৰ ব্যৱহাৰ কৰা হৈছিল। তথ্য অনুসৰি, ২৪ মাৰ্চত মানৱীৰ জন্মদিনৰ দিনা পাটিয়ালাৰ এখন বেকাৰীৰ পৰা অনলাইনত অৰ্ডাৰ কৰা হৈছিল এটা চকলেট কেক। সেই কেক খায়েই মানৱীৰ লগতে মানৱীৰ ভগ্নী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। 

    জিলা স্বাস্থ্য বিষয়া, ডি এইচ অ’ ডাঃ বিজয় জিন্দালে জনোৱা মতে, কেকটোৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল আৰু প্ৰতিবেদনত প্ৰকাশ পাইছে যে ইয়াক বেক কৰিবলৈ অধিক পৰিমাণৰ চেকেৰিন নামৰ মিঠা সোৱাদযুক্ত কৃত্ৰিম যৌগ ব্যৱহাৰ কৰা হৈছিল। খাদ্য আৰু পানীয়ত চেকেৰিন কম পৰিমাণে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ উচ্চ মাত্ৰাৰ ফলত মানুহৰ তেজৰ ছুগাৰৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।


    কেক খোৱাৰ পাছত দুয়োজনী  ছোৱালীয়ে বমি কৰিবলৈ আৰম্ভ কৰে আৰু মানৱীয়ে মুখ শুকাই পিয়াহ অনুভৱ কৰা বুলি অভিযোগ কৰিছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।