• পৰৱৰ্তী তিনিদিনত দেশত কেনে হ’ব বতৰৰ গতিবিধি? বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিলে বিস্তৃত বিৱৰণ

    ৰাষ্ট্ৰীয়
    পৰৱৰ্তী তিনিদিনত দেশত কেনে হ’ব বতৰৰ গতিবিধি? বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিলে বিস্তৃত বিৱৰণ
    ডিজিটেল ডেস্ক: আগন্তুক তিনিদিনৰ বাবে বতৰৰ আগলি বতৰা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ মধ্যপ্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশা, ঝাৰখণ্ডত প্ৰচণ্ড বতাহৰ লগতে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে৷ কাইলৈ প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ বেগত বতাহ বলিব ওড়িশা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়ত৷ 

    দেওবাৰে পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত গ্ৰীষ্মদহন থাকিব৷ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, পুডুচেৰীত হ’ব প্ৰচণ্ড গৰম৷ একেদৰে, দেওবাৰৰ দিনটোত অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা৷ অৰুণাচল প্ৰদেশত সামান্য বৰষুণৰ সম্ভাৱনা৷

    আনহাতে, সোমবাৰে মধ্য প্ৰদেশ, ওড়িশা, ছত্তীশগড়, মহাৰাষ্ট্ৰ, অসমত বজ্ৰপাত আৰু ধূলিৰ ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে৷ অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা৷ পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত গ্ৰীষ্মদহনৰ প্ৰভাৱ পৰিব৷ 

    কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, পুডুচেৰীত পৰিব তীব্ৰ গৰম৷ একেদৰে, মঙলবাৰে মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিম বংগ, ছিকিম, অসম, মেঘালয় আৰু তেলেংগানাত ধূলিৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে৷ হিমাচল প্ৰদেশ, ওড়িশা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশত বজ্ৰপাতৰ সম্ভাৱনা৷ একেদৰে, অৰুণাচল প্ৰদেশত হ’ব নেৰানেপেৰা বৰষুণ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো হ’ব পাৰে বৰষুণ৷ পশ্চিম বংগ আৰু বিহাৰত অব্যাহত থাকিব হিটৱেভ৷ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পুডুচেৰীতো অব্যাহত থাকিব হিটৱেভ৷