• সৌন্দৰ্যৰ বাবে নহয়, কিন্তু... ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এইগৰাকী পোলিং এজেণ্ট বিখ্যাত হোৱাৰ ৰহস্যটো কি

    ৰাষ্ট্ৰীয়
    সৌন্দৰ্যৰ বাবে নহয়, কিন্তু... ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা  এইগৰাকী পোলিং এজেণ্ট বিখ্যাত হোৱাৰ ৰহস্যটো কি
    ডিজিটেল ডেস্কঃ  এগৰাকী  পোলিং এজেণ্টৰ  ছবি এতিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত, সকলোৱে জানিব বিচাৰে যে এই পোলিং এজেণ্টগৰাকী কোন। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাএই গৰাকী পোলিং এজেণ্ট হৈছে ঈশা অৰোৰা।  উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ লোকসভা আসনৰ এটা  ভোটকেন্দ্ৰত কৰ্তব্যৰত হৈ আছিল তেওঁ । 

    লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ  ভোটগ্ৰহণ  আজি অনুষ্ঠিত হয় ।ঈশা  অৰোৰাই কয়, "যদি আমি কোনো কৰ্তব্য পালনৰ দায়িত্ব লাভ কৰো , আমি সময়সীমাৰ ভিতৰত সেয়া কৰা  উচিত। কোনো কামকে  সহজভাৱে ল'ব নালাগে। মই মোৰ সঠিক সময়ত কৰ্তব্যত উপস্থিত হৈছো। সকলো পুৰুষ আৰু মহিলা কৰ্মচাৰীয়ে সময়মতে তেওঁলোকৰ কৰ্তব্য পালন কৰিব লাগে যাতে সকলো কাম সহজে কৰিব পৰা যায়।" 

    ছ'চিয়েল মিডিয়াত তেওঁৰ কৰ্তব্যনিষ্ঠাকলৈ  মানুহে কৰা মন্তব্যত  ঈশাই হাঁহি হাঁহি কয়, "মই এই মুহূৰ্তত মন্তব্য পঢ়িব পৰা নাই, কাৰণ মই সময় পোৱা নাই।" মই ইয়াৰ বিষয়ে নাজানো, কাৰণ ব্যস্ততাৰ বাবে মই ম'বাইলটো  চাব পৰা নাই ।" তেওঁ ভাইৰেল হৈ পৰাৰ কাৰণটো হৈছে তেওঁ সময়মতে ভোটকেন্দ্ৰলৈ আহি এবাৰ ওপৰলৈ মূৰ নদঙাকৈ কেৱল কামেই কৰি গৈছিল। সেই ছবি কোনোবাই হয়তো সামাজিক মাধ্যমত এৰি দিছিল।  সৌন্দৰ্যৰ বাবে নহয়, কিন্তু সময়ানুবৰ্তিতাৰ  বাবে তেওঁ এতিয়া ভাইৰেল হৈ পৰিছে। তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে  তেওঁৰ কৰ্তব্য পালন কৰিছে।