• সনাতম ধৰ্ম সন্দৰ্ভত টিপ্পনী; তামিলনাডু চৰকাৰ আৰু উধয়ানিধি ষ্টালিনলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

    ৰাষ্ট্ৰীয়
    সনাতম ধৰ্ম সন্দৰ্ভত টিপ্পনী;  তামিলনাডু চৰকাৰ আৰু উধয়ানিধি ষ্টালিনলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
    ডিজিটেল ডেস্কঃ আইনী জাননীৰ সন্মুখীন হৈছে তামিলনাডু চৰকাৰ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তামিলনাডু চৰকাৰ আৰু ডি এম কে নেতা উধয়ানিধি ষ্টালিনক ‘সনাতন ধৰ্ম’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে জাননী জাৰি কৰে। তামিলনাডুৰ মন্ত্ৰী উধয়ানিধি ষ্টালিনে সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ সৈতে তুলনা কৰাৰ বাবে এই জাননী জাৰি কৰা হয়।এই মন্তব্যৰ পাছতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল, যিটো মন্তব্যই ৰাজনৈতিক দলসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

    তামিলনাডু প্ৰগতিশীল লেখক আৰু শিল্পী সন্থাৰ এক সমাৱেশত ভাষণৰ সময়ত উধয়ানিধি ষ্টালিনে সনাতন ধৰ্ম সমতা আৰু সামাজিক ন্যায়ৰ নীতিৰ বিৰুদ্ধে যোৱা বুলিও দৃঢ়তাৰে উল্লেখ কৰে।

    উধয়ানিধিয়ে কয় যে সনাতন নামটোৱেই সংস্কৃতৰ পৰা আহিছে। "সনাতনৰ অৰ্থ কি? ই চিৰন্তন, অৰ্থাৎ ইয়াক সলনি কৰিব নোৱাৰি; কোনেও কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে আৰু সেইটোৱেই ইয়াৰ অৰ্থ।" তদুপৰি ষ্টালিনে সনাতন ধৰ্মই জাতিৰ ভিত্তিত মানুহক বিভাজন কৰিছিল বুলি অভিযোগ কৰে।

    উধয়ানিধিয়ে মাইক্ৰ’ব্লগিং চাইট ‘এক্স’ত কয় যে, “সনাতন ধৰ্ম হৈছে জাতি আৰু ধৰ্মৰ নামত মানুহক বিভাজিত কৰা এক নীতি।” সনাতন ধৰ্মক উভালি পেলোৱাটোৱেই হৈছে মানৱতা আৰু মানৱ সমতা ৰক্ষা কৰাৰ একমাত্ৰ উপায় বুলি ডি এম কে নেতাগৰাকীয়ে দাবী কৰে।