• উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আদালতত ভয়ংকৰ ঘটনা; আদালত চৌহদত গেংষ্টাৰ সঞ্জীৱ জিবাক গুলীয়াই হত্যা আততায়ীৰ

    ৰাষ্ট্ৰীয়
    উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আদালতত ভয়ংকৰ ঘটনা; আদালত চৌহদত গেংষ্টাৰ সঞ্জীৱ জিবাক গুলীয়াই হত্যা আততায়ীৰ
    ডিজিটেল ডেস্ক: বুধবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আদালতত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। দিন দুপৰতে অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে গেংষ্টাৰক। 

    সঞ্জীৱ জিবা নামৰ এটা গেংষ্টাৰক আদালত চৌহদতে হত্যা কৰে আততায়ীয়ে। গেংষ্টাৰ সঞ্জীৱ জিবাক এখন নিম্ন আদালতত হাজিৰ কৰোৱাৰ সময়তে সংঘটিত হয় ঘটনাটো। শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰে সঞ্জীৱক। এই ঘটনাত আহত হয় আৰক্ষীও। 

    এপ্ৰিল মাহত সংঘটিত আতিক আহমেদ হত্যাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হয় বুধবাৰে। উল্লেখ্য যে অধিবক্তাৰ সাজ পৰিধান কৰি আদালত চৌহদত উপস্থিত হৈছিল আততায়ী। ঘটনাৰ পাছতে আদালত চৌহদত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ মতে ৪-৫জন লোক জড়িত আছে এই হত্যাকাণ্ডটোৰ সৈতে। ইয়াৰ মাজৰে এটা দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আদালতত উপস্থিত থকা লোকে। 

    দুৰ্বৃত্তটোক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে অধিবক্তাই। কৰায়ত্ত কৰা দুৰ্বৃত্তটোক বিজয় যাদৱ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। বুধবাৰে বিজেপি নেতা ব্ৰহ্ম দত্ত দ্বিবেদী হত্যাকাণ্ডৰ শুনানিৰ বাবে সঞ্জীৱ জিবাক হাজিৰ কৰোৱা হৈছিল লক্ষ্ণৌৰ আদালতত। উত্তৰ প্ৰদেশৰ ব্ৰহ্ম দত্ত দ্বিবেদী নামৰ বিজেপি নেতাগৰাকীৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল জিবাৰ। 

    দিন দুপৰতে আদালতৰ মজিয়াত এইধৰণৰ ঘটনা সংঘটিত হোৱাত আতংকিত হৈ পৰিছে অধিবক্তা তথা স্থানীয় লোক। এইক্ষেত্ৰত লক্ষ্ণৌৰ আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে অধিবক্তাসকলে। গেংষ্টাৰ সঞ্জীৱৰ বিৰুদ্ধে আছে একাধিক অপৰাধজনিত গোচৰ। উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত সঞ্জীৱৰ বিৰুদ্ধে আছে কমেও ৫০টা অপৰাধমূলক গোচৰ। 

    মূলতঃ পশ্চিম-উত্তৰ প্ৰদেশত সক্ৰিয় সঞ্জীৱ কুখ্যাত গেংষ্টাৰ মুক্তাৰ আনচাৰিৰ অনুগত বুলি পৰিচিত। আণ্ডাৰ ৱ’ৰ্ল্ডৰ সৈতেও জড়িত আছিল সঞ্জীৱ জিবা। উত্তৰ প্ৰদেশৰ মুন্না বজৰংগী নামৰ কুখ্যাত অপৰাধীৰ একান্ত অনুচৰ আছিল সঞ্জীৱ জিবা। ২০১৮ত জে’লৰ ভিতৰতে হত্যা কৰা হৈছিল মুন্না বজৰংগীক। 

    উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডত অপৰাধ জগতৰ এক কুখ্যাত নাম আছিল সঞ্জীৱ জিবা। অপৰাধী সঞ্জীৱ জিবাৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আন কোনো বিৰোধী অপৰাধী চক্ৰই হত্যা কৰিলে নেকি সঞ্জীৱ জিবাক? আৰক্ষীৰ তদন্তত স্পষ্ট হ’ব সকলো ৰহস্য।

    উল্লেখ্য যে পূৰ্বেও আদালতত সংঘটিত হৈছিল বহুকেইটা গুলীচালনাৰ ঘটনা। বিগত বছৰৰ ছেপ্টেম্বৰ মাহত সংঘটিত হৈছিল অনুৰূপ ঘটনা। আদালতত গুলীচালনাৰ ঘটনাত মৃত্যু হৈছিল ৩জনৰ। দিল্লীৰ কুখ্যাত গেংষ্টাৰ জিতেন্দ্ৰ গ’গী নিহত হৈছিল গুলীচালনাত। দিল্লীৰ ৰোহিনী আদালত কক্ষত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা। এই ঘটনাতো দুষ্কৃতিকাৰী আদালতত প্ৰৱেশ কৰিছিল অধিবক্তাৰ পোছাকত। আৰক্ষীৰ গুলীত আদালতত নিহত হৈছিল দুটা দুষ্কৃতিকাৰীও। 

    প্ৰায় ৪০ জাঁই গুলীচালনা কৰিছিল দুষ্কৃতিকাৰীয়ে। এগৰাকী মহিলা অধিবক্তা আহত হৈছিল এই ঘটনাত। ইফালে, মধ্যপ্ৰদেশতো সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱতীক গুলীয়াই হত্যা কৰিছিল আদালতৰ সন্মুখত। দুৰ্বৃত্তই দিন-দুপৰতে গুলীয়াই হত্যা কৰিছিল যুৱতীক। হত্যাকাৰী যুৱকজনে বহু দিনৰ পৰাই যুৱতীগৰাকীক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। 

    কিন্তু যুৱতীগৰাকীয়ে যুৱকজনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। এই পৰিস্থিতিত যুৱকজনৰ আক্ৰোশৰ বলি হৈছিল যুৱতীগৰাকী। ব্যতিব্যস্ত যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে আদালতত তৰিছিল এক গোচৰ। কিন্তু গোচৰৰ শুনানিৰ পূৰ্বেই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰিছিল যুৱকজনে। কিছুদিন পূৰ্বেও দিল্লীৰ ছকেট আদালতত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। 

    আদালত চৌহদতে এজন ব্যক্তিয়ে গুলীচালনা কৰিছিল এগৰাকী মহিলাক লক্ষ্য কৰি। এগৰাকী অধিবক্তাৰ বেশত আহিছিল বন্দুকধাৰী। ঘটনা সংঘটিত কৰিয়েই পলাই যায় দুষ্কৃতিকাৰী। মহিলাগৰাকীক লক্ষ্য কৰি বন্দুকধাৰীয়ে চলাইছিল ৪টাকৈ গুলী। বিত্তীয় প্ৰৱঞ্চনা সংক্ৰান্তীয় এক গোচৰৰ শুনানিৰ বাবে আদালতত উপস্থিত হৈছিল মহিলাগৰাকী। উল্লেখ্য যে ঘটনা সংঘটিত কৰা দুষ্কৃতিকাৰীজন আছিল এগৰাকী অধিবক্তা। মহিলাগৰাকীৰ উপৰিও আদালতৰ এজন বিষয়া আহত হৈছিল গুলীচালনাত। আদালতত এইধৰণৰ সঘনাই সংঘটিত হৈ থকা ঘটনাই প্ৰমাণ কৰিছে যে সুৰক্ষিত নহয় আদালত চৌহদো।