ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টসমূহে খাদ্যৰ বিলত এতিয়াৰ পৰা ছার্ভিচ চার্জ আৰোপ কৰিব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে এই সম্পৰ্কত ২০২২ চনত জাৰি কৰা নীতি-নিৰ্দেশ বাহাল ৰাখে।
এই নীতি-নির্দেশত কোৱা হৈছে যে হোটেল আৰু ৰেস্তোৰাঁসমূহে খাদ্যৰ বিলত 'অট'মেটিক' বা 'ডিফল্ট' ছার্ভিচ চার্জ (সেৱা মাচুল) আৰোপ কৰিব নোৱাৰিব। উল্লেখযোগ্য যে এই নীতি নিৰ্দেশক ৰেস্তোৰাঁ এছ'চিয়েশ্যন অব ইণ্ডিয়া আৰু হোটেল এণ্ড ৰেস্তোৰাঁ এছ'চিয়েশ্যন অব ইণ্ডিয়াই প্রত্যাহবান জনাই উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল।
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রতিভা এম সিঙে ৰেস্তোৰাঁ আৱেদন অগ্রাহ্য কৰি এছ'চিয়েশ্যনক এক লাখ টকাৰ জৰিমনা বিহে। উল্লেখযোগ্য যে ২০২২ চনত উচ্চ ন্যায়ালয়ে উক্ত নীতি-নির্দেশত স্থগিতাদেশ জাৰি কৰিছিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment