• বিমৰ্ষ ষ্টেলিনঃ তামিলনাডু চৰকাৰক ৪৪ তম দবা অলিম্পিয়াডৰ বিজ্ঞাপনত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ ফটো প্ৰকাশ কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ

    ৰাষ্ট্ৰীয়
    বিমৰ্ষ ষ্টেলিনঃ তামিলনাডু  চৰকাৰক ৪৪ তম দবা অলিম্পিয়াডৰ বিজ্ঞাপনত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ ফটো প্ৰকাশ কৰিবলৈ নিৰ্দেশ  ন্যায়ালয়ৰ
    ডিজিটেল ডেস্কঃমোদীৰ চৰকাৰৰ সৈতে তামিলনাডু চৰকাৰৰ সংঘাত নতুন কথা নহয়। এনে সংঘাতৰ মাজতে আদালতত মুখথেকেচা খালে তামিল নাডুৰ  মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। ৪৪ তম দবা অলিম্পিয়াড সম্পৰ্কীয় সকলো বিজ্ঞাপনত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ছবি প্ৰকাশৰ বিৰোধিতা কৰি অহা ষ্টেলিনক অৱশেষত বিমুখ কৰিলে আদালতে।  মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে শেহতীয়াকৈ তামিলনাডু চৰকাৰক ৪৪ তম দবা অলিম্পিয়াড সম্পৰ্কীয় সকলো বিজ্ঞাপনত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ  আলোকচিত্ৰ প্ৰকাশ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

     ২৮ জুলাইৰ পৰা চেন্নাইত ৪৪ তম দবা অলিম্পিয়াড অনুষ্ঠিত হৈছে। ১৯২৭ চনৰে পৰা আয়োজিত এই সন্মানীয় প্ৰতিযোগিতাখন ভাৰতত প্ৰথমবাৰৰ বাবে আৰু এছিয়াত ৩০ বছৰৰ পিছত আয়োজন কৰা হৈছে। এজন আবেদনকাৰী ৰাজেশ কুমাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰত ৪৪ তম দবা অলিম্পিয়াডৰ বিজ্ঞাপনত  ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আলোকচিত্ৰ অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ বিচাৰি এখন আবেদন দাখিল কৰিছিল৷ 

    এডভোকেট জেনেৰেল আৰ শুনমুগাসুন্দৰমে যুক্তি দিছিল যে দবা খেল খন হৈছে  তামিলনাডু চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰা এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান ।  অনুষ্ঠানৰ  আমন্ত্ৰণ পত্ৰ  আৰু বিজ্ঞাপনত প্ৰধানমন্ত্ৰীৰ ছবি প্ৰকাশ কৰা হৈছিল৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীক অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁৰ  অংশগ্ৰহণ নিশ্চিত হোৱাৰ পিছতে বিজ্ঞাপন আদিত তেওঁৰ ছবি প্ৰকাশ কৰা হৈছিল। 

    এডভোকেট জেনেৰেলে লগতে কয় যে চৰকাৰী বিজ্ঞাপনত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো প্ৰকাশৰ বিষয়ত  উচ্চতম ন্যায়ালয়ৰ  পূৰ্বৰ নিৰ্দেশ এফআইডিই (আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন)ৰ সহযোগত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। এই প্ৰসংগত  আদালতে কয়  যে যদি প্ৰধানমন্ত্ৰীয়ে  অনুষ্ঠানটো উদ্বোধন কৰিব  নোৱাৰেও তথাপি তেওঁৰ  ফটো বিজ্ঞাপনত প্ৰকাশ কৰিব লাগিব । 

    ন্যায়ালয়ে প্ৰশাসনক এইবুলিও  নিৰ্দেশ দিয়ে  যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ফটো থকা যিকোনো বিজ্ঞাপনে  কাৰো কোনো ক্ষতি  নকৰে। উল্লেখ্য ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজিত ৪৪ তম দবা অলিম্পিয়াড অংশগ্ৰহণ কৰা দেশৰ সংখ্যা হৈছে  ১৮৭।ভাৰতেও প্ৰতিযোগিতাখনত ৬ টা দল অন্তৰ্ভূক্ত কৰিছে। এই ৬ টা দলত৩০ জন খেলুৱৈ আছে।