• অন ডিউটি ৰীল বনাই নিলম্বিত হ'ল SI প্ৰিয়ংকা মেডাম

    ৰাষ্ট্ৰীয়
    অন ডিউটি ৰীল বনাই নিলম্বিত হ'ল SI প্ৰিয়ংকা মেডাম

    ডিজিটেল ডেস্কঃ ইউনিফৰ্ম পিন্ধি ৰীল বনোৱাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। 

     

    বিহাৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰিয়ংকা গুপ্তাই নিৰ্মাণ কৰা ৰীল ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই তেওঁক নিলম্বন কৰা হৈছে।


    নিলম্বিত SI  প্ৰিয়ংকা গুপ্তা পূব চম্পাৰাণৰ পাহাৰপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল।   প্ৰিয়ংকা গুপ্তাই কৰ্তব্যৰ সময়ত ৰীল বনোৱাৰ অভিযোগ বহুদিনীয়া। তেওঁ আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি কেতিয়াবা গাড়ীৰ ভিতৰত কেতিয়াবা বেংকৰ ভিতৰত ৰীল বনাইছিল।


    প্ৰিয়ংকা গুপ্তাই আৰক্ষী বিভাগৰ নিৰ্দেশনা মানি চলা নাছিল। কৰ্তব্যৰত অৱস্থাত আৰু আৰক্ষীৰ পোছাক পৰিধান কৰি কোনো ধৰণৰ ৰীল, ভিডিঅ’ ইত্যাদি তৈয়াৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বিহাৰৰ ডিজিপিয়ে নিৰ্দেশ দিছিল।  ইয়াৰ পিছতো লেডী ইন্সপেক্টৰ প্ৰিয়ংকা গুপ্তাই এই সকলোবোৰ অৱজ্ঞা কৰি ৰীল বনাই পোষ্ট কৰি আছিল।  প্ৰিয়ংকা গুপ্তা সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে অতি সক্ৰিয় আছিল।  তেওঁৰ ফেচবুক প্ৰফাইলত ১২ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে।  প্ৰিয়ংকাৰ ৰীল বনোৱাৰ খক দিনক দিনে বাঢ়ি আহিছিল।  তেওঁ অহৰহ নতুন নতুন ৰীল সৃষ্টি কৰি আছিল।


     

    এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পূৱ চম্পাৰাণৰ এছ পি স্বৰ্ণ প্ৰভাতে এক বিবৃতি দিছে।  তেওঁ কয় যে "প্ৰিয়ংকা গুপ্তাক নিলম্বন কৰা হৈছে।  আৰক্ষী মুখ্য কাৰ্যালয়ে কঠোৰ নিৰ্দেশনা দিছে যে কোনো আৰক্ষী কৰ্মচাৰী বা বিষয়াই ইউনিফৰ্ম পিন্ধি ভিডিঅ’ নিৰ্মাণ কৰিব নালাগে আৰু কৰ্মৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাটোও কঠোৰভাৱে নিষিদ্ধ। যদি তেওঁলোকে এনে কামত লিপ্ত হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।"

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online