• কৰ্ণাটকত 'অপাৰেচন লোটাছ'! বিধায়ককক ৫০ কোটি টকাৰে ক্ৰয় কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ

    ৰাষ্ট্ৰীয়
    কৰ্ণাটকত 'অপাৰেচন লোটাছ'!  বিধায়ককক ৫০ কোটি  টকাৰে ক্ৰয় কৰাৰ চেষ্টা চলোৱাৰ  অভিযোগ মুখ্যমন্ত্ৰী  সিদ্ধাৰামাইয়াৰ
    ডিজিটেল ডেস্কঃ বিজেপিয়ে এইবাৰ  কৰ্ণাটকত 'অপাৰেচন লোটাছ'  অভিযান চলাব বিচাৰেছে ।  এই গুৰুতৰ  অভিযোগ  উত্থাপন কৰিছে  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই।  মুখ্যমন্ত্ৰীগৰাকীয়ে কয়  যে  তেওঁৰ বিধায়কসকলক দল সলনি কৰিবলৈ ৫০ কোটি টকাআগবঢ়োৱা হৈছে । সিদ্ধাৰামাইয়াই কয় "তেওঁলোকে যোৱা এবছৰ ধৰি আমাৰ চৰকাৰখন ভংগ কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ বিধায়কসকলক ৫০ কোটি টকাৰ টোপ দিয়া হৈছে। তেওঁলোকে চেষ্টা কৰিছে,  কিন্তু বিফল হৈছে। "

    সিদ্ধাৰামাইয়াই কয় যে বিজেপিয়ে যিমানেই চেষ্টা নকৰক,  সফল নহ'ব। তেওঁ স্পষ্ট কৰি দিয়ে , "এয়া সম্ভৱ নহয়। আমাৰ বিধায়কসকলে দল এৰি নাযায় । এজনেও  তেনে নকৰে।"  সিদ্ধাৰামাইয়াই এইবুলিও দৃঢ়তাৰে কয়  যে তেওঁৰ চৰকাৰে পাঁচ বছৰ সম্পূৰ্ণ কৰিব। অৱশ্যে, বিজেপিয়ে সকলো দাবী অস্বীকাৰ কৰিছে। সংবাদ মাধ্যমৰ সৈতে ফোনযোগে কথা পাতি বিজেপিৰ সাংসদ এছ প্ৰকাশে কয়, "সিদ্ধাৰামাইয়াই যি কৈ আছে সেয়া দুৰ্ভাগ্যজনক আৰু সম্পূৰ্ণ ভিত্তিহীন। তেওঁ কয় "এয়া  দুৰ্ভাগ্যজনক যে তেওঁ বাৰে বাৰে একেটা অভিযোগ উত্থাপন কৰি আছে। কেৱল সমাজৰ এটা অংশৰ পৰা সহানুভূতি লাভ কৰিবলৈ  তেওঁ তেনে কৰিছে। "