• আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ: গ্ৰহণৰ সময়ত কি কি কৰা অনুচিত? জানি লওক সবিশেষ

    ৰাষ্ট্ৰীয়
    আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ: গ্ৰহণৰ সময়ত কি কি কৰা অনুচিত? জানি লওক সবিশেষ
    ডিজিটেল ডেস্ক: আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ দেখা পোৱা যাব৷ ইতিহাসৰ অন্যতম আটাইতকৈ দীঘল এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ অৱশ্যে ভাৰতত দৃশ্যমান নহ’ব৷ সমগ্ৰ বিশ্বৰে বিজ্ঞানীসকলে এই বিৰল মহাজাগতিক পৰিঘটনাৰ প্ৰতি আগ্ৰহেৰে বাট চাই আছে। আজিৰ সূর্য গ্রহণ প্রায় ৫ ঘণ্টা ১০ মিনিটৰ হ’ব। ইয়াৰে চাৰে সাত মিনিট হ’ব পূর্ণ গ্রাস। সেই সময়ত চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব৷ ভাৰতীয় সময় অনুসৰি আজি নিশা ৯-১২ বজাত গ্ৰহণ আৰম্ভ হ’ব আৰু নিশা ২-২২ বজাত অন্ত পৰিব। আনহাতে আমেৰিকা, কানাডা, আয়াৰলেণ্ড তথা ইংলেণ্ডৰ দৰে দেশবোৰত বিয়লি ২-১৫ বজাত গ্ৰহণ আৰম্ভ হ’ব। সর্বপ্রথমে গ্রহণ দেখা পোৱা যাব মেক্সিকোত। দেশখনত স্থানীয় সময়মতে দিনৰ ১১-০৭ বজাত গ্ৰহণ আৰম্ভ হ’ব। প্রায় ৫৪ বছৰৰ পাছত চ’ত মাহৰ অমাৱস্যাত গ্ৰহণ হ’ব।

    সূৰ্যগ্ৰহণক কেন্দ্ৰ কৰি অসমীয়া সমাজতো কেতবোৰ জনবিশ্বাস প্ৰচলিত হৈ আহিছে৷ বিজ্ঞানৰ সৈতে জড়িত নহ’লেও যুগে যুগে একাংশ লোকে অৱলম্বম কৰি আহিছে কেতবোৰ নীতি-নিয়ম৷ 

    সূৰ্যগ্ৰহণৰ সময়ত কি কি কৰিব নালাগে?
    কোৱা হয় যে সূৰ্যগ্ৰহণৰ সময়ত পোনপটীয়াকৈ সূৰ্যলৈ চাব নালাগে। ব্ৰঞ্জৰ পাত্ৰত থকা পানীৰ পৰা আৰম্ভ কৰি অসাৰ এক্স-ৰে প্লেটলৈকে সকলো বস্তুকে সূৰ্যগ্ৰহণ চাবলৈ ব্যৱহাৰ কৰা হৈছে। এতিয়া অৱশ্যে বিশেষ ছানগ্লাছৰ সহায়ত সূৰ্যগ্ৰহণ দেখা পোৱা গৈছে।
     
    জ্যোতিষীৰ মতে সূৰ্য দেৱতাই মানুহৰ ভাগ্যক প্ৰভাৱিত কৰে। গতিকে, যদি এই বিশেষ দিনটোত খাদ্য গ্ৰহণৰ কিছু নিয়ম থাকে৷ সূৰ্যগ্ৰহণৰ সময়ত যিকোনো বস্তু খোৱাৰ পূৰ্বে মানুহে সাৱধান হ’ব লাগে। আৰু গ্ৰহণৰ সময়ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কোৱা হয়৷

    সূৰ্যগ্ৰহণক লৈ কিছু লোককথা প্ৰচলিত হৈ আছে৷ পানী নোখোৱা, খাদ্য নোখোৱা আদি বহু নিয়ম আছে। এই সময়ত যৌন সম্পৰ্ক নিষিদ্ধ, মল-মূত্ৰ ত্যাগো নিষিদ্ধ। এই ধাৰণাবোৰৰ স্পষ্ট কাৰণ  আৰু বিজ্ঞানসন্মত ব্যাখ্যা নাই।
     
    সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন থাকে বুলি বিশ্বাস কৰা হয়৷ সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে গৰ্ভৱতী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই যাব নালাগে। সূৰ্যগ্ৰহণৰ পাৰ্শ্বক্ৰিয়াই ভ্ৰুণক প্ৰভাৱিত কৰে বুলি ভবা হয়।
     
    সূৰ্যগ্ৰহণৰ সময়ত সাত্ত্বিক আৰু লঘু খাদ্য খোৱা উচিত বিশ্বাস জড়িত হৈ আছে৷ যিহেতু সেই সময়ত আন্ধাৰ হৈ থাকে, সেয়ে খাদ্যত বেক্টেৰিয়া বিয়পিব পাৰে৷ অৱশ্যে নাৰিকলৰ পানী, কেঁচা ফল খাব পাৰে।