• দীপাৱলীত এইবাৰো ফুটাব নোৱাৰিব গ্ৰীণ ক্ৰেকাৰ,ৰকেট, উচ্চতম ন্যায়ালয়ে দিলে ৰায়

    ৰাষ্ট্ৰীয়
    দীপাৱলীত এইবাৰো ফুটাব নোৱাৰিব গ্ৰীণ ক্ৰেকাৰ,ৰকেট,  উচ্চতম ন্যায়ালয়ে দিলে ৰায়
    ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে দেৱালীত আতচবাজী ফুটোৱাত থকা নিষেধাজ্ঞাৰ বিৰুদ্ধে কৰা এখন   আবেদন খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দেশত বেৰিয়াম যুক্ত সেউজীয়া ফটকা নিৰ্মাণৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। দৰাচলতে কেন্দ্ৰীয় চৰকাৰ আৰু আতচবাজী নিৰ্মাতাসকলে কম প্ৰদূষণকাৰী বুলি দাবী কৰা এই আতচবাজী বনোৱা আৰু বিক্ৰী কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে আদালতক অৱগত কৰিছিল। উচ্চতম ন্যায়ালয়ে এই বিষয়ত শুনানি গ্ৰহণৰ অন্তত আবেদনখন নাকচ কৰে।

    উচ্চতম ন্যায়ালয়ে গ্ৰীণ ক্ৰেকাৰৰ  উৎপাদন নিষিদ্ধ কৰি এনে  আতচবাজী নিৰ্মাণৰ সৈতে জড়িতসকলৰ আবেদন খাৰিজ কৰে। আদালতে কয়  যে ২০১৮ চনত আৰোপ কৰা নিষেধাজ্ঞা সংশ্লিষ্ট  কৰ্তৃপক্ষৰ দ্বাৰা যথাযথভাৱে কাৰ্যকৰী কৰা হ'ব। দিল্লীৰ দৰে বহু  ৰাজ্যত য'ত আতচবাজী নিষিদ্ধ কৰা হৈছে, কোনেও সেই আদেশত হস্তক্ষেপ কৰিব নোৱাৰিব।

     ন্যায়াধীশ এ এছ বোপান্না আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই ৰায় দিয়ে । ন্যায়াধীশ এ এছ বোপান্নাই কয় যে আমি কেৱল শুভ দীপাৱলী বুলি শুভেচ্ছা জনায়েই উৎসৱৰ আনন্দ লোৱা উচিৎ।উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে দিল্লীত সকলো ধৰণৰ আতচবাজী নিষিদ্ধ কৰা হৈছে, সেয়া গ্ৰীণ ক্ৰেকাৰেই  হওঁক বা সাধাৰণ আতচবাজীয়েই হওঁক। উচ্চতম ন্যায়ালয়ে কয় যে আতচবাজীত বেৰিয়ামৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । ইয়াৰ উপৰি  আতচবাজীত থকা লাঠি আৰু ৰকেটৰ ওপৰতো নিষেধাজ্ঞা থাকিব।