• পাকিস্তানৰ প্ৰধান সন্ত্রাসবাদী হাফিজ ছয়ীদক ভাৰতক গতাই দিয়াটো উচিত

    ৰাষ্ট্ৰীয়
    পাকিস্তানৰ প্ৰধান সন্ত্রাসবাদী হাফিজ ছয়ীদক ভাৰতক গতাই দিয়াটো উচিত
    ডিজিটেল ডেস্কঃ আমেৰিকাই যিদৰে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্রকাৰী তাহাউৰ হুছেইন ৰানাক ভাৰতক গতাই দিলে, তেনেদৰে পাকিস্তানেও হাফিজ ছয়ীদ, চাজিদ মীৰ আৰু জাকিউৰ ৰেহ মান লাখৱীৰ দৰে প্ৰধান সন্ত্রাসবাদীবোৰক ভাৰতৰ হাতত গতাই দিয়া উচিত। 

    ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙে এইদৰে কয়। সন্ত্রাসবাদ বিশ্বজোৰা এক উপদ্ৰৱ বুলি দাবী কৰি সিঙে ইয়াৰ বিৰুদ্ধে এক আন্তঃৰাষ্ট্ৰীয় মৰ্চা গঠনৰো আহ্বান জনায়। 

    ইজৰাইলী টিভি চেনেল আই ২৪-ৰ এটা সাক্ষাৎকাৰত সোমবাৰে সিঙে কয় যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ 'বিৰতি'হে হৈছে, অন্ত পৰা নাই। 

    যিবোৰ ঘটনাৰ পৰিণতিত ভাৰতৰ আক্রমণ সংঘটিত হ'ল সেই ঘটনাবোৰৰ বিষয়ে বৰ্ণনা কৰি সিঙে কয় যে উক্ত অভিযান আছিল পাকিস্তানত থকা সন্ত্রাসবাদী সংগঠনবোৰৰ বিৰুদ্ধেহে। 

    ২২ এপ্ৰিলৰ পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ে তেওঁ কয়, 'সন্ত্রাসবাদীবোৰে ধৰ্মৰ ভিত্তিত মানুহক হত্যা কৰিছিল। সিহঁতে মানুহসকলক হত্যা কৰাৰ আগতে তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু ২৬জন নিৰীহ লোকে প্রাণ হেৰুৱালে।'

    উৎসঃ দৈনিক জনমভূমি