ডিজিটেল ডেস্কঃ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰই ভাৰতৰ পৰিকল্পিত তালিকাত (টেন্টেটিভ লিষ্ট) মুম্বাইৰ প্ৰাক-ঐতিহাসিক তেলেংগানাৰ মুদুমলৰ তীক্ষ্ণাগ্র মহাপ্রস্তৰ আৰু মধ্য প্রদেশ-উত্তৰ প্ৰদেশৰ ৰাজপ্রাসাদ-দুৰ্গকে ধৰি ছটা ক্ষেত্ৰ অন্তর্ভুক্ত কৰিছে।
সোমবাৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে এই কথা জনায়। এই তালিকাত অন্তর্ভুক্ত হোৱা আনবোৰ ক্ষেত্ৰ হৈছে ছট্টিশগড়ৰ কাংগেৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান, মৌর্য পথত থকা অশোকৰ ঘোষিত নীতি থকা ক্ষেত্ৰবোৰ (কেইবাখনো ৰাজ্যত), চৌষষ্টি যোগিনী মন্দিৰ (কেইবাখনো ৰাজ্য) আৰু উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত থকা গুপ্ত মন্দিৰ।
যোৱা ৭ মাৰ্চত অন্তর্ভুক্ত কৰা এই ছটা নতুন ক্ষেত্ৰৰ সৈতে ভাৰতৰ পৰিকল্পিত তালিকাত এতিয়া ৬২টা ক্ষেত্র আছে। ইফালে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত বৰ্তমানলৈকে ভাৰতৰ মুঠ ৪৩টা সম্পদ অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ৩৫টা 'সাংস্কৃতিক', ৭টা 'প্রাকৃতিক' আৰু এটা 'মিশ্রিত' শ্ৰেণীৰ।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment