• টাইম মেগাজিনৰ ১০০জন ‘সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি’ৰ তালিকাত দুই ভাৰতীয়

    ৰাষ্ট্ৰীয়
    টাইম মেগাজিনৰ ১০০জন ‘সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি’ৰ তালিকাত দুই ভাৰতীয়
    ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰতিষ্ঠিত আলোচনী ‘টাইম’-এ প্ৰকাশ কৰিছে  ২০২২ চনৰ 'বিশ্বৰ ১০০ জন প্ৰভাৱশালী লোক'ৰ তালিকা। ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে বিভিন্ন ক্ষেত্ৰৰ পৰা বিশ্বৰ ১০০ জন চেলিব্ৰিটীক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে ‘টাইম আলোচনী’খনে। ভাৰতীয়ৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কৰুণা নুণ্ডী আৰু তাৰ পিছতে উদ্যোগপতি গৌতম আদানীয়ে এই তালিকাত স্থান লাভ কৰিছে। কাশ্মীৰৰ মানৱ অধিকাৰ কৰ্মী খুৰৰাম পাৰভেজকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে ইউক্ৰেইন যুদ্ধৰ পাছত সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কীৰ নামো এই তালিকাত সন্নিবিষ্ট হৈছে। 

    উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীৰ বিষয়ে ‘টাইম আলোচনী’-এ লিখিছে, ‘প্ৰায়ে আইনী জগতখনক কঠিন চাৰ্ট আৰু বলিষ্ঠ যুক্তিৰে চিনাকি কৰাই দিছে তেওঁ। কৰুণা নুণ্ডী অৱশ্যে কেৱল এগৰাকী অধিবক্তা নহয়, এগৰাকী ৰাজহুৱা কৰ্মীও। দক্ষতাৰে আৰু সাহসেৰে আদালতৰ কক্ষৰ ভিতৰত আৰু বাহিৰত সমাজৰ হৈ পৰিৱৰ্তনৰ বিষয়ে মাত মাতি আহিছে।’ উল্লেখ্য যে,  মহিলাৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰি অহাৰ লগতে ধৰ্ষণবিৰোধী আইনসমূহৰ সংস্কাৰৰ দিশতো পোষকতা কৰিছে কৰুণা নুণ্ডীয়ে। কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন সম্পৰ্কীয় গোচৰসমূহৰ বিৰুদ্ধেও সাহসেৰে যুঁজ অহাৰ লগতে অতি শেহতীয়াকৈ তেওঁ ভাৰতবৰ্ষৰ ধৰ্ষণ আইনক প্ৰত্যাহ্বান জনোৱাও দেখা গৈছে।

    ইফালে, আদানীৰ প্ৰসংগত ‘টাইম’আলোচনীয়ে লিখিছে, ‘আদানীৰ এসময়ৰ আঞ্চলিক ব্যৱসায় এতিয়া বিমানবন্দৰ, ব্যক্তিগত বন্দৰ, সৌৰ আৰু তাপশক্তি, আৰু গ্ৰাহক সামগ্ৰীসমূহক সামৰি লৈছে। আদানী গ্ৰুপ এতিয়া বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ এক ৰাষ্ট্ৰীয় বিশাল প্ৰতিষ্ঠান, আদানীয়ে লোকচক্ষুৰ পৰা আঁতৰত থাকিলেও, নীৰৱে নিজৰ সাম্ৰাজ্য গঢ়ি তুলিছে।’

    আলোচনীখনে লগতে কয়, ‘যেনেকৈ বহু দেশে বিগত সময়ত এনেদৰে গোলকীয় সংঘৰ সৃষ্টি কৰিছে, ভাৰততো ইটোৱে সিটোক শক্তিশালী কৰা অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ অভূতপূৰ্ব কেন্দ্ৰীভূতকৰণৰ মাজেৰে পাৰ হৈ গৈছে। যদি নৰেন্দ্ৰ মোদী দ্বিতীয়টোৰ প্ৰতীক, তেন্তে আদানী প্ৰথমটোৰ পোষ্টাৰ বয়, যিদৰে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০২৫ চনৰ ভিতৰত ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ মোদীৰ উল্লেখিত লক্ষ্যৰ সৈতে আদানীৰ যাত্ৰাৰ হয়তো এয়া মাত্ৰ আৰম্ভণিহে।’