• নৃশংসতাৰ চূড়ান্ত প্ৰকাশ: আম বিচাৰি বিৰক্ত কৰাৰ বাবেই নিজ খুৰাকেই হত্যা কৰিলে পাঁচ বছৰীয়া শিশুক

    ৰাষ্ট্ৰীয়
    নৃশংসতাৰ চূড়ান্ত প্ৰকাশ: আম বিচাৰি বিৰক্ত কৰাৰ বাবেই নিজ খুৰাকেই হত্যা কৰিলে পাঁচ বছৰীয়া শিশুক

    ডিজিটেল ডেস্ক: মাত্ৰ পাঁচ বছৰীয়া এটি শিশু। স্বাভাৱিকতেই এই বয়সৰ প্ৰতিটো শিশুৱেই মানসিকভাৱে কিছু জেদী হৈ পৰে। কোনো বস্তুৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিলে এই বয়সৰ এটি শিশুৱে সেই বস্তুবিধ পোৱাৰ বাবে জেদ ধৰে। তেনেদৰেই জেদ ধৰিছিল এই শিশুটিয়েও। আহাৰ গ্ৰহণ কৰি থকা নিজ খুৰাকক আম আনি দিয়াৰ বাবে জোৰ দিছিল শিশুটিয়ে। বাৰে বাৰে ভতিজীৰ এই আহ্বানত অতিষ্ঠ হৈ পৰিছিল খুৰাকজন আৰু মানসিকভাৱে উত্তেজিত হৈ নৃশংসভাৱে হত্যা কৰে মাত্ৰ পাঁচ বছৰীয়া ভতিজাকক।

    মানৱ সমাজক লজ্জিত কৰা এই নিষ্ঠুৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ চামলিৰ খেদা কুৰ্তান গাঁৱত এই ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত। অভিযোগ অনুসৰি ৩৩ বছৰীয়া ব্যক্তিগৰাকীয়ে কেৱল মাত্ৰ আম বিচাৰি আমনি কৰাৰ বাবেই নিজৰ ৫ বছৰীয়া ভতিজীক হত্যা কৰিছে।

    প্ৰকাশিত প্ৰতিবেদন অনুসৰি, শিশুটিয়ে বাৰে বাৰে আম বিচাৰি বিৰক্তি দিয়াৰ ফলত উত্তেজিত হৈ cঅভিযুক্ত ব্যক্তিজনে প্ৰথমে তাইৰ মূৰত ৰডৰে আঘাত কৰিছিল আৰু তাৰ পিছতে তাইৰ ডিঙি কাটি পেলাইছিল। নিথৰ হৈ পৰা ভতিজাকৰ দেহটো এটা বস্তাত ভৰাই লুকুৱাই ৰখা হৈছিল।

    হত্যাৰ বলি হোৱা শিশুটিক খৈৰু নিশা বুলি চিনাক্ত কৰা হৈছে। মৃত নিশা অঞ্চলপোৰ এগৰাকী শ্ৰমিকৰ সন্তান। ঘটনাৰ দিনা আবেলিৰ পৰাই নিৰুদ্দেশ হৈ আছিল।

    স্থানীয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে অভিযুক্ত হত্যাকাৰীজনে আনকি ছোৱালীজনীক বিচাৰিবলৈ গাওঁবাসীৰ সৈতেও ওলাই গৈছিল। কিন্তু আৰক্ষীয়ে তেওঁৰ ওপৰত সন্দেহ কৰাৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে তেওঁৰ ওপৰত সন্দেহ কৰাৰ প্ৰমাণ পায়ে পলাই যায় অভিযুক্তগৰাকী।

    তেওঁৰ পলায়নৰ পিছতে মৃত শিশুটিৰ দেউতাকৰ অভিযোগৰ ভিত্তিত অভিযুক্তগৰাকীৰ বিৰুদ্ধে আইপিচি ধাৰা ৩০২ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে অভিযুক্ত উমাৰদিনৰ ঘৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আদালতেও ইতিমধ্যে অভিযুক্ত উমাৰদিনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

    শামলিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অ'পি সিঙে জানিবলৈ দিয়া মতে আৰক্ষীয়ে পলাতক অভিযুক্ত উমাৰদিনক গাঁৱৰ ওচৰৰ বনাঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে। উমাৰদিনৰ ওচৰৰ পৰা হত্যাৰ অস্ত্ৰ, এখন ছুৰি আৰু এডাল লোহাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।