• IAS হোৱাৰ লগে লগে প্ৰেমিকাই এৰিলে প্ৰেমিকক! তাৰপাছত প্ৰেমিকে লিখিলে এখন বেষ্ট চেলাৰ কিতাপ

    ৰাষ্ট্ৰীয়
    IAS হোৱাৰ লগে লগে প্ৰেমিকাই এৰিলে প্ৰেমিকক! তাৰপাছত প্ৰেমিকে লিখিলে এখন বেষ্ট চেলাৰ কিতাপ
    ডিজিটেল ডেস্কঃ হাতে হাত ধৰি জীৱন বাটত আগুৱাই যোৱাটোৱেই প্ৰেমৰ মূল লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত। কিন্তু কিছুমানে আদবাটতে এৰি থৈ যায়, যাৰফলত বহু মানুহৰ জীৱনত হয় স্বপ্নভংগ।

    শেহতীয়াকৈ এক প্ৰেম কাহিনীয়ে সকলোতে চৰ্চা লাভ কৰিছে। ঘটনাটো ৰাজস্থানৰ যোধপুৰৰ। কাহিনীৰ নায়ক গাঁৱৰ এটা কৃষকৰ পৰিয়ালৰ সন্তান কৈলাশ মঞ্জু। কৈলাশ মঞ্জুৱে এখন কিতাপ লিখি জনপ্ৰিয় হৈ পৰিছে। কিতাপখনৰ নাম ‘UPSC Wala Love Collector Sahiba’। নিজৰ জীৱনৰ আধাৰতে কিতাপখন লিখিছে কৈলাশ মঞ্জুৱে। 

    কৈলাশ মঞ্জুৱে দিল্লীত UPSCৰ কোচিং লৈছিল। এই কোচিঙতে এজনী ছোৱালীৰ সৈতে তেওঁ চিনাকি হয় আৰু তাতেই তেওঁলোকৰ বন্ধুত্ব হয় আৰু লাহে লাহে সেই বন্ধুত্বই প্ৰেমৰ ৰূপ লয়। ইফালে UPSC ক্লিয়াৰ কৰি ছোৱালীজনী IAS হয় কিন্তু কৈলাশ মঞ্জুৱে ক্লিয়াৰ কৰিব নোৱাৰিলে। IAS হোৱাৰ পাছতেই লাহে লাহে কৈলাশ মঞ্জুৰ কাষৰ পৰা আঁতৰি যায় ছোৱালীজনী। চাকৰি পোৱাৰ লগে লগেই ছোৱালীজনীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰে কৈলাশ মঞ্জুৰ সৈতে। 

    ইয়াৰ পাছতেই কৈলাশ মঞ্জুৱে এই সমগ্ৰ কাহিনীটোক লৈ এখন কিতাপ লিখাৰ সিদ্ধান্ত লয়। সিদ্ধান্ত অনুসৰিয়েই তেওঁ ‘UPSC Wala Love Collector Sahiba’ নামৰ কিতাপখন লিখে। আৰু এই কিতাপখন বৰ্তমান বেষ্ট চেলাৰ।

    কৈলাশ মঞ্জুৱে কয় যে হৃদয়খন ভাগি যোৱাৰ পাছতেই তেওঁ এখন কিতাপ লিখাৰ সিদ্ধান্ত লৈছিল। এই গ্ৰন্থখন স্ব-প্ৰকাশিত আৰু ইয়াৰ বাবেই কৈলাশে লাখ-লাখ কোটি টকাৰ লাভ পাবলৈ সক্ষম হৈছে। কৈলাশৰ মতে এই গ্ৰন্থখন বৰ্তমান হিন্দী ভাষাত বেষ্ট চেলাৰ। অৱশ্যে এতিয়া কিতাপখন মাৰাঠী ভাষাত প্ৰকাশ পাইছে। গুজৰাটী আৰু ইংৰাজীত ছপা কৰাৰ প্ৰস্তুতি চলি আছে। 

    এতিয়া এই কিতাপখনক লৈ চিনেমা নিৰ্মাণ কৰাৰো প্ৰস্তাৱ লাভ কৰিছে লেখকগৰাকীয়ে।

    প্ৰেমেৰ বিচ্ছেদৰ পৰাও যে কিবা ইতিবাচক কাম কৰিব পাৰি এই কিতাপখন তাৰেই প্ৰমাণ।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.com