• ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু এগৰাকী বিজেপি প্ৰাৰ্থীৰ; আক্ৰান্ত হৈছিল হৃদৰোগত

    ৰাষ্ট্ৰীয়
    ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু এগৰাকী বিজেপি প্ৰাৰ্থীৰ; আক্ৰান্ত হৈছিল হৃদৰোগত
    ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বিষাদৰ খবৰ৷ ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু হ’ল এগৰাকী বিজেপি প্ৰাৰ্থীৰ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কুঁৱৰ সৰ্বেশ সিঙৰ মৃত্যু হয়। শুকুৰবাৰে মোৰাদাবাদত অনুষ্ঠিত হৈছিল নিৰ্বাচন। কিছুদিনধৰি অসুস্থ হৈ থকা ৭২ বছৰীয়া কুঁৱৰ সৰ্বেশ সিং হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ AIIMSত মৃত্যুক সাবটি লয় প্ৰাৰ্থীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ৷

    উত্তৰ প্ৰদেশ বিজেপিৰ মুৰব্বী ভূপেন্দ্ৰ চৌধুৰীয়েও পিটিআইক কয়, কুঁৱৰ সৰ্বেশ কুমাৰৰ মৃত্যু হৈছে৷ তেওঁৰ ডিঙিত কিছু সমস্যা হৈছিল আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। ১৯ এপ্ৰিলত চিকিৎসাৰ বাবে এইমছলৈ লৈ যোৱা হৈছিল৷ উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আসনৰ বাবে শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

    প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১৯ এপ্ৰিলত পশ্চিম উত্তৰ প্ৰদেশৰ ৮খন আসনত ৬০ শতাংশতকৈ অধিক ভোটদান হৈছিল৷ মোৰাদাবাদত সম্পন্ন হৈছিল ৬০.৬০% ভোটদান৷

    ২০০৯ৰ লোকসভা নিৰ্বাচনত মহম্মদ আজাৰুদ্দিনৰ হাতত পৰাস্ত হৈছিল সৰ্বেশ সিং। আনহাতে ২০১৪ত সৰ্বেশ সিং সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। স্বাধীনতাৰ পাছত মোৰাদাবাদ চহৰৰ পৰা জয়ী হোৱা প্ৰথমগৰাকী বিজেপি সাংসদ আছিল সৰ্বেশ সিং।