• পুনৰ বিতৰ্কত ৰামদেৱ! বন্ধ কৰা হ’ল পতঞ্জলীৰ কেইবাটাও ঔষধ, ক’ত?

    ৰাষ্ট্ৰীয়
    পুনৰ বিতৰ্কত ৰামদেৱ! বন্ধ কৰা হ’ল পতঞ্জলীৰ কেইবাটাও ঔষধ, ক’ত?

    ডিজিটেল ডেস্কঃ যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সংস্থা পতঞ্জলীৰ
    বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰাখণ্ড চৰকাৰে। উত্তৰাখণ্ডৰ আয়ুৰ্বেদ
    আৰু ইউনানি লাইচেন্চিং অথ
    mso-bidi-font-family:"Nirmala UI"">’
    ৰিটিয়ে পতঞ্জলীৰ কেইবাটাও
    ঔষধৰ বিক্ৰী আৰু উৎপাদন নিষেধ কৰিছে।



     



    জানিব পৰা মতে, দিব্যা ফাৰ্মেচিকত তৈয়াৰ কৰা পতঞ্জলীৰ পাঁচটাকৈ
    ঔষধ নিষিদ্ধ কৰা হৈছে। তদুপৰি সংস্থাটোক বিপিঘৃত, মধুঘৃত, থাইৰোঘৃত, লিপিডোম আৰু আইঘৃত
    ল্ড
    টেবলেটৰ উৎপাদন বন্ধ কৰিবলৈ দাবী জনোৱা হৈছে।



     



    এইসমূহ ঔষধ পতঞ্জলীে ৰক্চতাপ, ডায়েবেটিছ, গয়টাৰ, গ্লুকোমা,
    উচ্চ কোলেষ্টৰেল নিৰাময়ৰ বাবে ৰোগীক প্ৰদান কৰি আহিছে। সেই অনুসৰি ব্যাপক হাৰত ঔষধসমূহৰ
    বিজ্ঞাপনো প্ৰস্তুত চলি আহিছে।



     



     



    কিন্তু এই ঔষধসমূহক কোনো পৰীক্ষা অবিহনেই প্ৰচলন কৰি অহা
    বুলি উত্তৰাখণ্ড চৰকাৰে অভিযোগ কৰিছে। ঔষধসমূহৰ বিজ্ঞাপনসমূহতো পৰ্যাপ্ত সত্যতা নাই
    বুলি দাবী কৰা হৈছে।



     



    ইয়াৰ পূৰ্বেও কেৰেলাৰ এজন চিকিৎসকে পতঞ্জলীৰ বিৰুদ্ধে এই
    অভিযোগ কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে উত্তৰাখণ্ড চৰকাৰে এই পদক্ষেপ লৈছে।



     



    কোৱা হৈছে যে ঔষধসমূহৰ বাবে নতুনকৈ উত্তৰাখণ্ড চৰকাৰৰ অনুমোদন

    লাগিব। তাৰপাছতহে এইসমূহ উৎপাদন কৰিব পাৰিব। তদুপৰি বিজ্ঞাপনসমূহো শীঘ্ৰেই বন্ধ কৰিবলৈ
    কোৱা হৈছে।