• ৩০ জন শিক্ষাৰ্থীক একেটা চিৰিঞ্জেৰেই কৰিলে টিকাকৰণ! তাৰপিছত ...

    ৰাষ্ট্ৰীয়
    ৩০ জন শিক্ষাৰ্থীক একেটা  চিৰিঞ্জেৰেই কৰিলে টিকাকৰণ! তাৰপিছত ...
    ডিজিটেল ডেস্কঃএক ভয়ংকৰ ঘটনা সংঘটিত হৈছে  মধ্যপ্ৰদেশত।  মধ্যপ্ৰদেশৰ সাগৰ নামৰ ঠাইখনত একেটা চিৰিঞ্জ ব্যৱহাৰ কৰিয়েই ৩০ জন শিক্ষাৰ্থীক টিকাকৰণ কৰাৰ কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। এইছআইভি, হেপাটাইটিছকে ধৰি আন বহু ৰোগ একেটা চিৰিঞ্জৰ একাধিক ব্যৱহাৰৰ বাবে হ’ব পাৰে যদিও সেই আশংকাৰ প্ৰতি মুঠেও গুকুত্ব নিদি একেটা  চিৰিঞ্জেৰেই ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক টিকাকৰণ কৰাৰ কথাই এতিয়া বহুতোকে চিন্তিত কৰি তুলিছে। 

    টিকা প্ৰদান কৰা  জীতেন্দ্ৰ নামৰ লোকজনে  দাবী কৰিছে যে কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক টিকাকৰণ কৰাৰ বাবে  মাত্ৰ এটা চিৰিঞ্জেই প্ৰেৰণ কৰিছিল আৰু তেওঁক "বিভাগীয় মুৰব্বীয়ে" সকলো শিশুকে একেটা  চিৰিঞ্জেৰেই  টিকাকৰণ কৰিবলৈ নিৰ্দেশ দিছিল। 

    ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে  টিকা প্ৰদান কৰা লোক জনৰ কথা শুনি আচৰিত হৈ পৰিছে। অৱশ্যে টিকা প্ৰদান কৰা লোকজনে বিভাগীয় মুৰব্বীগৰাকীৰ নাম ক’ব নোৱাৰিলে।  উল্লেখ্য নানান মাৰক ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই ১৯৯০ চনৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে ডিচপোজেবল চিৰিঞ্জৰ ব্যৱহাৰ ব্যাপক হাৰত আৰম্ভ হৈছিল। কিন্তু এইক্ষেত্ৰত মধ্যপ্ৰদেশত ঘটা ঘটনাটো এক ভয়াৱহ ঘটনা হিচাবে পৰিগণিত হৈছে।  

    এটা  চিৰিঞ্জ ব্যৱহাৰ কৰি বহুতকে বেজী দিব নালাগে বুলি নাজানে নেকি  বুলি অভিভাৱকে সোধাত টিকা প্ৰদান কৰা জীতেন্দ্রই কয় , "মই সেয়া জানো। সেইকাৰণে মই তেওঁলোকক সুধিছিলো যে মই মাত্ৰ এটা চিৰিঞ্জ ব্যৱহাৰ কৰিব লাগিব নেকি আৰু তেওঁলোকে 'হয়' বুলি কৈছিল। এইটো মোৰ দোষ কেনেকৈ হ’ল ? মোক যি কৰিবলৈ কোৱা হৈছিল সেয়াই কৰিছিলোঁ।" সাগৰ জিলা প্ৰশাসনে জিতেন্দ্ৰৰ বিৰুদ্ধে অৱহেলা আৰু কেন্দ্ৰীয় চৰকাৰৰ "এটা বেজীৰ বাবে, এটা চিৰিঞ্জ " নীতি উলংঘা কৰাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ভেকছিন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণৰ দায়িত্বত থকা জিলা টিকাকৰণ বিষয়া ড০ ৰাকেশ ৰোশনৰ বিৰুদ্ধেও বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। 

    সাগৰ চহৰৰ জৈন পাব্লিক হায়াৰ চেকেণ্ডাৰী স্কুলত স্কুলীয়া শিশুসকলৰ বাবে এটা কোভিড টিকাকৰণ শিবিৰৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। শিশুসকলক এটা চিৰিঞ্জেৰে টিকাকৰণ কৰাৰ কথা লক্ষ্য কৰি অভিভাৱকসকলে প্ৰতিবাদ কৰিছিল। 

    জিলা খনৰ শীৰ্ষ প্ৰশাসনিক বিষয়া ক্ষিতীশ সিংঘালে মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ঘটনাটোৰ তদন্ত কৰিবলৈ   নিৰ্দেশ দিছে। অৱশ্যে  প্ৰতিবাদ হোৱাৰ পিছৰে পৰা টিকা প্ৰদান কৰা জিতেন্দ্ৰনামৰ লোক জন ঘটনাস্থলীৰ পৰা উধাও হয়। তেওঁৰ ফোনটোও বন্ধ পোৱা গৈছে।

     ২০২১ চনৰ জানুৱাৰী মাহত ভাৰতত কোভিড-১৯ টিকাকৰণ আৰম্ভ হোৱাৰ এমাহ আগতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে  "এটা বেজী, এটা চিৰিঞ্জ, মাত্ৰ এবাৰ" প্ৰটোকল কঠোৰ ভাবে মানি চলিবলৈ নিৰ্দেশ দিছিল বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফকে ধৰি আন্তৰ্জাতিক সংস্থাসমূহেও একে ধৰণৰ প্ৰটোকল মানি চলাৰ পৰামৰ্শ দিছে।