• ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ পদ্মভূষণ সন্মান প্ৰাপক গায়িকা বাণী জয়ৰামৰ মৃতদেহ

    ৰাষ্ট্ৰীয়
    ফ্লেটত ৰহস্যজনক অৱস্থাত  উদ্ধাৰ পদ্মভূষণ সন্মান প্ৰাপক গায়িকা বাণী জয়ৰামৰ মৃতদেহ
    ডিজিটেল ডেস্কঃ শনিবাৰে গায়িকা বাণী জয়ৰামৰ মৃতদেহ ৰহস্যজনক অৱস্থাত  চেন্নাইত থকা তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰবীণ গায়িকাগৰাকীৰ  বয়স আছিল ৭৮ বছৰ। 

    যোৱা মাহত ভাৰত চৰকাৰে 'আধুনিক ভাৰতৰ মীৰা' নামেৰে জনাজাত গায়কগৰাকীক পদ্মভূষণ সন্মানেৰে সন্মানিত  কৰিছিল। কিন্তু কোনে জানিছিল যে তেওঁ এই সন্মান ব্যক্তিগতভাৱে গ্ৰহণ কৰিব নোৱাৰিব! গায়িকাগৰাকীয়ে তেওঁৰ জীৱনকালত ১০ হাজাৰৰো  অধিক গান গাইছে ৷ 

    তেওঁৰ কিদৰে মৃত্যু হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷  চেন্নাই আৰক্ষীৰ থাউজেণ্ড লাইটচ আৰক্ষী থানাৰ বিষয়াসকলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷