• পশ্চিমবংগত হিংসা! ভগৱানৰ মূৰ্তি ভাঙি লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ

    ৰাষ্ট্ৰীয়
    পশ্চিমবংগত হিংসা! ভগৱানৰ মূৰ্তি ভাঙি লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ
    ডিজিটেল ডেস্কঃ হোলীৰ দিনাই পশ্চিমবংগত হিংসাত্মক কাৰ্য সংঘটিত হৈছে। নন্দিগ্ৰামৰ বিজেপিৰ বিধায়ক সুবেন্দু অধিকাৰীয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ সমষ্টিত ভগৱানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনা পোহৰলৈ আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অমিত মালৱিয়াইও এই ঘটনাক গৰিহণা দি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে।


    অমিত মালবিয়াই নিজৰ পোষ্টত লিখিছে, ‘মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিমবংগত হিন্দুৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। যোৱা মঙলবাৰৰ পৰা নন্দিগ্ৰাম ব্লক ২ৰ আহমেদাবাদ অঞ্চলৰ কমলপুৰত স্থানীয় বাসিন্দাসকলে পূজা কৰি আছিল আৰু ৰাম নাৰায়ণ কীৰ্তন নিৰৱচ্ছিন্নভাৱে চলি আছিল, তেতিয়া একাংশ লোকে শ্ৰীৰাম নাম উচ্চাৰণ সহ্য কৰিব নোৱাৰি মূৰ্তিবোৰ ভাঙি ঠাইখন অপবিত্ৰ কৰি পেলায়।'

    তেওঁ লগতে কয়, ‘‘বৰুইপুৰ, যাদৱপুৰ, মুৰ্ছিদাবাদকে ধৰি সমগ্ৰ ৰাজ্যতে একেধৰণৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ উপৰিও মমতা বেনাৰ্জীৰ আৰক্ষীয়ে বংগৰ কিছুমান অঞ্চলত হোলী উদযাপন নিষিদ্ধ কৰাৰ চেষ্টা চলাইছিল যদিও পিছত পিছ হুঁহুকি যায়। মুখপাত্ৰগৰাকীয়ে আৰু কয়, সনাতনীসকলৰ মাজত এই কাণ্ডক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে যদিও এই কঠিন সময়ত বিজেপি তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। মমতা বেনাৰ্জীক আমি কেতিয়াও পশ্চিমবংগক আন এখন বাংলাদেশলৈ ৰূপান্তৰিত কৰিবলৈ নিদিওঁ।''

    উল্লেখ্য যে এই হিংসাত্মক কাৰ্যৰ বাবে ৩ দিনৰ কাৰণে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor