• ইমাৰ্জেঞ্চী কাৰণ দেখুৱাই অফিচৰ পৰা আহিল ওলাই; পাছে খেলৰ লাইভত ষ্টেডিয়ামত দেখিলে বচে

    ৰাষ্ট্ৰীয়
    ইমাৰ্জেঞ্চী কাৰণ দেখুৱাই অফিচৰ পৰা আহিল ওলাই; পাছে খেলৰ লাইভত ষ্টেডিয়ামত দেখিলে বচে
    ডিজিটেল ডেস্কঃ দেশত এতিয়া আইপিএলৰ জ্বৰ। যিয়ে পাৰিছে তেওঁ ষ্টেডিয়ামলৈ গৈ প্ৰিয় দল তথা প্ৰিয় তাৰকাৰ খেল উপভোগ কৰিছে, জনাইছে সমৰ্থন আৰু ষ্টেডিয়ামলৈ যাব নোৱাৰাসকলে টিভিৰ সন্মুখতে বহি আইপিএলৰ আনন্দ উপভোগ কৰিছে।

    এগৰাকী মহিলাই ষ্টেডিয়ামত বহি আইপিএলৰ খেল চোৱাৰ লোভ সামৰিব নোৱাৰিলে। পাছে লাগিল লেঠা। কাৰণ অফিচৰ পৰা ছুটী নাই। অৱশেষত তেওঁ ফাঁকিৰ আশ্ৰয় ল’ব লগা হ’ল। এতিয়া চৰ্চাৰ মাধ্যম হৈ পৰিছে কৰ্ণাটকৰ মহিলাগৰাকী। 

    শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ অনুৰাগী মহিলাগৰাকীয়ে অফিচৰ বচক মিছা কথা কৈ খেল চাবলৈ গৈছিল ষ্টেডিয়ামলৈ। অফিচৰ বচক তেওঁ ইমাৰ্জেঞ্চী কাৰণ দেখুৱাই আগতীয়াকৈ ওলাই গৈছিল অফিচৰ পৰা। পাছে তেওঁৰ ভাগ্যই যেন ভালকৈ লগ নিদিলে। 

    ষ্টেডিয়ামত বন্ধুৰ সৈতে বহি খেল উপভোগ কৰি থকা মহিলাগৰাকীক টেলিভিচনৰ স্ক্ৰীণত লাইভ সম্প্ৰচাৰত দেখা পালে অফিচৰ বচে। বচে কেই চেকেণ্ডমানৰ বাবে টিভিৰ পৰ্দাত দেখিয়েই চিনি পায় অফিচৰ মহিলা কৰ্মচাৰীগৰাকীক। বচে লগে লগে তেওঁক ফোন কৰি ষ্টেডিয়ামত থকাৰ বিষয়ে নিশ্চিত কৰে। অৱশ্যে কৰ্মচাৰী মহিলাগৰাকীক খং নকৰিলে বচে। তেওঁ কৰ্মচাৰীগৰাকীৰ সৈতে ধেমালি কৰি কথা পাতিয়েই ফোনটো ৰাখে। অফিচৰ পৰা আগতীয়াকৈ ওলোৱাৰ ইমাৰ্জেঞ্চী কাৰণটো যে খেল চোৱাহে আছিল সেই কথা কৈ ধেমালি কৰে বচগৰাকীয়ে। সেইফালৰ পৰা চাবলৈ গ’লে মহিলাগৰাকীৰ ভাগ্য সুপ্ৰসন্ন আছিল বুলিও ক’ব লাগিব।

    ইনষ্টাগ্ৰামত এক ভিডিঅ’ শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে এই ঘটনাৰ কথা।  নানা ধৰণৰ হাস্যমধুৰ মন্তব্যৰে ভৰি পৰিছে কমেণ্ট বক্স।