comScore
  • অখিলেশৰ ভাইবোৱাৰী বিজেপিলৈ; উত্তৰ প্ৰদেশৰ ৰাজনীতিত এতিয়া চলিছে ভঙা-গঢ়াৰ খেল

    ৰাজনৈতিক
    অখিলেশৰ ভাইবোৱাৰী বিজেপিলৈ; উত্তৰ প্ৰদেশৰ ৰাজনীতিত এতিয়া চলিছে ভঙা-গঢ়াৰ খেল
    ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ মাজতে বিভিন্ন ৰাজনৈতিক দলত চলিছে ভঙা-গঢ়াৰ খেল। বিজেপিৰ তিনিগৰাকী মন্ত্ৰী ভালেসংখ্যক বিধায়কে সমাজবাদী পাৰ্টীত যোগদান কৰাক লৈ তুমুল চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ তাৰ ওলোটা প্ৰক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ৰাজনীতিৰ ভঙা-গঢ়াৰ এই খেলখনত এইবাৰ ভাঙোন ধৰিছে অখিল যাদৱৰ ঘৰতেই। এইবাৰ অখলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্না যাদৱে যোগদান কৰিছে বিজেপিত। সমাজবাদী পাৰ্টীৰ প্ৰাক্তন মুৰব্বী মুলায়ম সিং যাদৱৰ সৰু পুত্ৰ তথা অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ পত্নী অপৰ্ণা যাদৱে বিজেপিত যোগদান কৰাটো উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ বাবে এতিয়া ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।

    নিৰ্বাচনৰ আগে আগে বিজেপিয়ে ইয়াক এক বৃহৎ সাফল্য বুলি চিহ্নিত কৰাৰ চেষ্টা কৰিছে আৰু তেওঁ ‘মুলায়ম সিঙৰ বোৱাৰী’ বুলি উল্লেখ কৰি দললৈ স্বাগতম জনাইছে। ইফালে, বিজেপিত যোগদানৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া হিচাপে অপৰ্না যাদৱে মন্তব্য কৰিছে যে, মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা সদায়ে অনুপ্ৰাণিত হৈছিলোঁ। তেওঁ কয়, মই এতিয়া দেশৰ বাবে ভাল কিবা এটা কৰাৰ চেষ্টা কৰিব বিচাৰোঁ। মই বিজেপিৰ আঁচনিবোৰৰ দ্বাৰা অনু্প্ৰাণিত আৰু মই মোৰ দলৰ বাবে যৎপৰোনাস্তি সকলোখিনি কৰিম।



    অপৰ্না সিঙে বিজেপিত যোগ দিয়াৰ পাছতে অখিলশ যাদৱৰ আক্ৰমণৰ বাবে এটা সুযোগ পাইছে বিজেপিয়ে। অপৰ্না যাদৱৰ কাষতে ঠিয় হৈ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই অখেলশক আক্ৰমণ কৰি কয়, মই অপৰ্না যাদৱক দললৈ স্বাগতম জনাইছোঁ। অখিলেশ যাদৱ তেওঁৰ পৰিয়াল আৰু ৰাজনীতি সকলোতে ব্যৰ্থ হৈছে। কেইবাদিনৰ আলোচনাৰ পাছত অপৰ্না যাদৱে বিজেপিত যোগ দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীৰ পৰা ৭টা পৰ্যায়ত আন চাৰিখন ৰাজ্যৰ সৈতে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচন বিজেপিৰ কাৰণে ২০২৪ৰ ছেমিফাইনেল বুলি অভিহিত কৰিছে বিভিন্ন ৰাজনৈতিক বিশেষজ্ঞই।

    মন কৰিবলগীয়া কথাটো হ’ল, এই স্পৰ্শকাতৰ নিৰ্বাচনৰ পূৰ্বেই ভাঙোন আৰম্ভ হৈছে বিজেপিত। তদুপৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্য বা মথুৰা এৰি গোৰখপুৰৰ দৰে দুৰ্গ বিচাৰিবলগীয়া হোৱাটোও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এনে পৰিপ্ৰেক্ষিতত অখিলশ যাদৱৰ ঘৰত সিন্ধি দিবলৈ সক্ষম হোৱাটো বিজেপিৰ কাৰণে একপ্ৰকাৰ সাফল্যই বিবেচিত হৈছে। অৱশ্যে বিজেপিৰ এই কাৰ্যৰ প্ৰভাৱ নিৰ্বাচনত কিমান প্ৰতিফলিত হয় সেয়া এতিয়াই কোৱা সম্ভৱপৰ নহয় যদিও তেওঁলোকে লোকলজ্জা লুকুওৱাত নিশ্চয় কিছু হ’লেও সফল হ’ব।
    scatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777link sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmihttps://baliprodesign.com/ https://www.bhumisangtu.com/auth/dex/https://www.satudatadesa.com/https://www.bhumisangtu.com/auth/dir/https://www.bhumisangtu.com/auth/dist/https://scop3group.com/bin/lang/https://scop3group.com/bin/text/https://scop3group.com/bin/core/https://ipmmakassar.or.id/lib/h5p/Link Demo Mahjong Ways 2link agen sbobet loginLink Agen Sabung Ayam Onlinesbobetscatter hitamsv388mix parlaysabung ayam onlinesitus slot thailandLive Casino OnlineScatter HitamSV388Mix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter HitamSV388sv388slot gacoragen sabung ayamsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong ways