• অগপৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

    ৰাজনৈতিক
    অগপৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

    গুৱাহাটী : অসম গণ পৰিষদে আজি সমাগত নিৰ্বাচনৰ বাবে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ উল্লেখ্য যে, আজিয়েই বিজেপিয়ে ঘোষণা কৰি অন্তিমখন প্ৰাৰ্থীৰ তালিকা৷ বিজেপিয়ে ঘোষণা কৰাৰ আগতেই দেওবাৰে দুপৰীয়াৰ ভাগতেই অগপই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰে৷





    আৰু পঢ়িব পাৰিব : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ‘শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা’





    তালিকা অনুসৰি প্ৰাৰ্থীসকল হৈছে, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, ছয়গাঁৱত ডাঃ কমলাকান্ত কলিতা, অভয়াপুৰী(উত্তৰ) ভূপেন ৰয়, অভয়াপুৰী (দক্ষিণ) পূৰ্ণেন্দু বণিক্য, পূব-গোৱালপাৰাত জ্যোতিষ দাস।





    আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত পুনৰ উদ্ধাৰ অস্ত্ৰ : কূটাঘাতৰ লক্ষ্যৰে এনডিএফবিৰ তৎপৰতা





    আনহাতে পশ্চিম গোৱালপাৰাত অগপ প্ৰাৰ্থী হ’ব শ্বেখ চাহ আলম, ভৱানীপুৰত ড০ ৰঞ্জিত ডেকা, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী চেঙাত ৰবিউল হুছেইন আৰু বকোত জ্যোতিপ্ৰসাদ দাস৷