National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
বকো : অগপ নহয়, বিজেপিৰ দখললৈ যাব বকো৷ আজি বকোত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ বকোত পৃষ্ঠাপ্ৰমুখ সন্মিলনেৰে শক্তি প্ৰদৰ্শন বিজেপিৰ৷ ২ শতাধিক কংগ্ৰেছীয়ে যোগদান কৰে বিজেপিত৷ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৪৮নং বকো বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে বিজেপি'ৰ সভাপতিগৰাকীয়ে।
আৰু পঢ়িব পাৰিব :১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকঃ হিমন্ত বিশ্ব শৰ্মা
বকোৰ গান্ধী ময়দান প্ৰাংগণত অনুষ্ঠিত পৃষ্ঠাপ্ৰমুখ সন্মিলন মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইবাৰ বকোত বিজেপিৰ ধ্বজা উৰুৱাবই বুলি সংকল্প লয়। সংখ্যালঘু সকলো ৰাইজক টাৰ্গেট কৰি সভাপতি গৰাকীয়ে একগোট হোৱাৰ বাবে আহ্বান জনায়।
আৰু পঢ়িব পাৰিব :বৰষাৰাণীৰ ধমকত সভাৰ পৰা পলাল ধৰ্মকান্ত !
এইখন সন্মিলনত ৫৩নং কিচমত কাঠমী গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি গিয়াছুদ্দিন আহমেদসহ দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। একেদৰে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক পদ্মলোচন ৰাভা আৰু সদস্য খনিদ্ৰ দাসেও একেখন মঞ্চত বিজেপি দলত যোগদান কৰে।
Leave A Comment