• অধিৱেশনৰ আৰম্ভণীতেই উত্তপ্ত ! বিৰোধীৰ প্ৰতিবাদী সমদল

    ৰাজনৈতিক
    অধিৱেশনৰ আৰম্ভণীতেই উত্তপ্ত ! বিৰোধীৰ প্ৰতিবাদী সমদল

    গুৱাহাটী : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় অধিৱেশন৷ এই অধিবেশনতে কাইলৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান৷





    আৰু পঢ়িব পাৰিব : নিশাই অসমত উপস্থিত অমিত শ্বাহ : আদৰিলে মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীয়ে





    তিনিদিনীয়া কাৰ্যসূচীৰে চলিব এইবাৰৰ অধিৱেশন৷ আজি বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। ভাষণত ৰাজ্যপালে চৰকাৰ দুৰ্নীতিমুক্ত বুলি ভাষণত কোৱাৰ লগে লগে বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰি সদন উত্তপ্ত কৰি তোলে৷ যাৰ বাবে আধাতে ভাষণ সামৰিব লগা হ'ল ৰাজ্যপালে৷





    আৰু পঢ়িব পাৰিব : গুৰুত্বপূৰ্ণ ৰায়দান : শিশু বলাৎকাৰী, হত্যাকাৰীক মৃত্যুদণ্ড





    ইফালে, বিজেপি চৰকাৰে যোৱা পাঁচ বছৰত দিয়া ভুৱা প্ৰতিশ্ৰুতি উদঙাই দি সদন ত্যাগ কৰা বিৰোধী দল কংগ্ৰেছে অধিবেশনত থলীতে প্ৰতিবাদী সমদল উলিয়ায়৷