• অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ মাৰাথন প্ৰচাৰ

    ৰাজনৈতিক
    অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ মাৰাথন প্ৰচাৰ

    গুৱাহাটী : অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ৷ আজি বিশ্বনাথ, গহপুৰ, দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰত অংশ লয় মন্ত্ৰীগৰাকীয়ে। শাসকীয় দলৰ হৈ নিৰ্বাচনী ৰণডংকা বজালে প্ৰতিৰক্ষামন্ত্ৰী সিঙে৷ পোণপ্ৰথমে বিশ্বনাথত উপস্থিত হয় ৰাজনাথ সিং৷ বিশ্বনাথৰ নিৰ্বাচনী সভাত ভাষণৰ আৰম্ভণিতেই লাচিত বৰফুকনৰ বীৰত্বক সুঁৱৰিলে প্ৰতিৰক্ষামন্ত্ৰীয়ে৷ সেনাক লাচিত বৰফুকন বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণাও কৰে তেওঁ৷





    আৰু পঢ়িব পাৰিব :অগপৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা





    ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সুঁৱৰিলে সিঙে৷ অসমৰ সভ্য সংস্কৃতিৰে পৰিচিত বুলি উল্লেখ কৰি অসমৰ গুণ-গৰিমাত বিমুগ্ধ হোৱা বুলিও মন্তব্য কৰে প্ৰতিৰক্ষামন্ত্ৰী সিঙে৷ তেওঁৰ মন্তব্য কৰে যে, ভূপেন হাজৰিকাক বিজেপিহে সন্মান দিলে৷ ভাষণত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে সিঙে৷ কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপিয়ে ৫ বছৰত কৰিছে বুলি তেওঁ দাবী কৰে।





    আৰু পঢ়িব পাৰিব :‘খেলা হবে’ : পশ্চিমবংগৰ নিৰ্বাচনী ৰণক্ষেত্ৰত ‘আহত বাঘিনী’





    তেওঁ লগতে ২০১৪চনৰৰ অপৰাচেন অলআউটৰ বিষয়েও স্মৰণ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সন্মান ৰখাৰো প্ৰতিশ্ৰুতি দিয়ে সিঙে৷ বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ গহপুৰত তেওঁ উৎপল বৰাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে দেৰগাঁৱত ভবেন ভৰালীৰ হৈ চলায় প্ৰচাৰ৷