• অসমত বিজেপিৰ ৰথী-মহাৰথীৰ ভিৰ, কোন কোন আহিব প্ৰচাৰলৈ...

    ৰাজনৈতিক
    অসমত বিজেপিৰ ৰথী-মহাৰথীৰ ভিৰ, কোন কোন আহিব প্ৰচাৰলৈ...

    গুৱাহাটী : অসমত মাৰাথন প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নিৰ্বাচনৰ পূৰ্বে কেইবাখনো প্ৰচাৰ সভাত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ অহা ১৮মাৰ্চত বদৰপুৰত অংশ ল’ব নিৰ্বাচনী সভাত, ২০ মাৰ্চত চাবুৱাত, ২১ মাৰ্চত বোকাখাতৰ জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে৷





    আৰু পঢ়িব পাৰিব : সেনাৰ নৃশংসতা : শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত প্ৰয়োগ যুদ্ধাস্ত্ৰ





    ইপিনে, ছিপাঝাৰতো জনসভাত অংশ লোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰতিৰক্ষামন্ত্ৰী, গৃহমন্ত্ৰীসহ কেইবাজনো বিজেপিৰ শীৰ্ষ মন্ত্ৰী তথা নেতা৷ উল্লেখ্য যে ১৪ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ তেওঁ একেদিনাই অংশ ল’ব ৩খনকৈ জনসভাত৷ বিশ্বনাথ, গহপুৰ, দেৰগাঁৱত ৰাজনাথ সিঙে অংশ ল’ব জনসভাত৷





    আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত জেএনইউৰ হিংসাৰ বলি ঐশী ঘোষ





    বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মাৰাথন প্ৰচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহো৷ তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ভালেকেইজন শীৰ্ষ বিজেপি নেতাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাব৷